ইটালীয়ে চীনৰ পৰা অহা বিমানৰ বাবে ক'ৰোনা টেষ্ট বাধ্যতামূলক কৰিছে। বেইজিঙৰ পৰা মিলানলৈ যোৱা দুখন বিমানত পৰীক্ষাৰ সময়ত ৫০% ৰো অধিক যাত্ৰী কোভিড পজিটিভ হোৱাৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। যদিও চীনে কৈছে যে ইয়াৰ কোভিড সংক্ৰমণ 'অনুমানযোগ্য আৰু নিয়ন্ত্ৰণত' আছে কিন্তু বেইজিঙে হঠাতে জিৰো-কোভিড নীতিৰ অধীনত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ পিছতেই তাত বৰ্ধিত ক'ৰোনা সংক্ৰমণে বিশ্বব্যাপী ভাবুকিৰ সৃষ্টি কৰিছে।
দেশখনৰ লাম্বাৰ ৰিজনেল কাউন্সিলৰ গুইডো বেৰটোলাচোৱে সংবাদ মাধ্যমক কয়, "চীনৰ পৰা প্ৰথমখন বিমানত থকা ৯২ জন যাত্ৰীৰ ভিতৰত ৩৫ জন (৩৮%)ক পজিটিভ পোৱা গৈছে। দ্বিতীয় বিমানখনৰ ১২০ জন যাত্ৰীৰ ভিতৰত, ৬২ জন (৫২%)ক ক'ৰোনা সংক্ৰমিত হোৱা দেখা গৈছে।"
জাপান আৰু ভাৰতে ইতিমধ্যে চীনৰ পৰা অহা যাত্ৰীসকলৰ বাবে বিমানবন্দৰত আৰটি-পিচিআৰ টেষ্ট আৰম্ভ কৰাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰইও চীনা ভ্ৰমণকাৰীসকলৰ বাবে ক'ৰোনা পৰীক্ষা বাধ্যতামূলক কৰিছে। আমেৰিকা হৈছে এনে কৰা পৃথিৱীৰ পঞ্চমখন দেশ।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 29, 2022, 12:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|