সংসদৰ ভিতৰতে প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিলে সাংসদে, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 5, 2019, 9:53 AM IST
সংসদৰ ভিতৰতে প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিলে সাংসদে, চাওক VIDEO
ইমানেই নহয়, প্ৰেমিকাই তেওঁৰ প্ৰস্তাৱত সন্মতিও প্ৰকাশ কৰিলে। এই ঘটনাই সংসদৰ মজিয়া আমোদজনক কৰি তোলে।

ইমানেই নহয়, প্ৰেমিকাই তেওঁৰ প্ৰস্তাৱত সন্মতিও প্ৰকাশ কৰিলে। এই ঘটনাই সংসদৰ মজিয়া আমোদজনক কৰি তোলে।

  • Share this:
সংসদৰ মজিয়াত কোনো বিষয়ক লৈ বিতৰ্ক হোৱা নিশ্চয় দেখিছে। শাসক–বিৰোধীৰ মাজত হোৱা বাক–বিতণ্ডাও বহু দেখিছে। কিন্তু সংসদত বিয়াৰ প্ৰস্তাৱ দিয়া কেতিয়াবা দেখিছেনে? এনে এক ঘটনাই ঘটিল ইটালীৰ সংসদত। সাংসদ আৰু বিত্ত মন্ত্ৰী ফ্লেভিঅ’ ডি মুৰ’ৱে সংসদ ভৱনত নিজৰ ভাষণৰ মাজতে প্ৰেমিকাক দিলে বিয়াৰ প্ৰস্তাৱ।

সংসদত ভাষণ দি থকাৰ মাজতে হঠাৎ আঙঠি উলিয়াই প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিয়ে সাংসদগৰাকীয়ে। এই কাৰ্যত আচৰিত হয় উপস্থিত সকলো। ইমানেই নহয়, প্ৰেমিকাই তেওঁৰ প্ৰস্তাৱত সন্মতিও প্ৰকাশ কৰিলে। এই ঘটনাই সংসদৰ মজিয়া আমোদজনক কৰি তোলে।

বিত্ত মন্ত্ৰীগৰাকীয়ে ভাষণৰ মাজতে আঙঠি আগবঢ়াই প্ৰেমিকা এলিছা ডি লিঅ’ক দিলে বিয়াৰ প্ৰস্তাৱ। যেতিয়াই এলিছাই তেওঁৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিলে, সংসদ ভৱনত উপস্থিত সকলোৱে থিয় হৈ হাত চাপৰিৰে অভিনন্দন জ্ঞাপন কৰে দুয়োকে।





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি