ইজৰাইলত ১০০০ বছৰ পুৰণি কুকুৰাৰ কণী উদ্ধাৰ, কিন্তু ইমানদিনে অক্ষত কণীটোৰ ক্ষেত্ৰত ঘটিল অঘটন!

News18 Assam | News18-Assam
Updated:June 10, 2021, 4:36 PM IST
ইজৰাইলত ১০০০ বছৰ পুৰণি কুকুৰাৰ কণী উদ্ধাৰ, কিন্তু ইমানদিনে অক্ষত কণীটোৰ ক্ষেত্ৰত ঘটিল অঘটন!
ইজৰাইল আৰু সমগ্ৰ বিশ্বৰ বাবে এটা পুৰণি কণী এইদৰে উদ্ধাৰ হোৱাটো সঁচাই বিৰল।

ইজৰাইল আৰু সমগ্ৰ বিশ্বৰ বাবে এটা পুৰণি কণী এইদৰে উদ্ধাৰ হোৱাটো সঁচাই বিৰল।

  • Share this:

এটা কুকুৰাৰ কণীয়ে বিশ্বজুৰি লগাইছে তোলপাৰ। বিশ্বজুৰি চৰ্চিত হোৱা এই বিশেষ কুকুৰা কণীটো হৈছে ১০০০ বছৰ পুৰণি। মধ্যপ্ৰাচ্যৰ দেশ ইজৰাইলত  পোৱা গৈছে ১০০০ বছৰ পুৰণি এই কণীটো। কোৱা হৈছে যে এই কণীটো পৃথিৱীৰ আটাইতকৈ পুৰণি কণীবোৰৰ ভিতৰত এটা। কিন্তু দুৰ্ভাগ্যবশতঃ  পৰিষ্কাৰ কৰাৰ সময়তে ভাঙি যায় কণীটো। পুৰাতত্ত্ববিদসকলে কোৱা অনুসৰি এই কণীটো দশম শতিকাৰ আৰু মধ্য ইজৰাইলৰ য়াভানে চহৰত খননৰ সময়ত উদ্ধাৰ গৈছিল।


য়াভানত নগৰ উন্নয়নৰ কাম চলি থকাৰ সময়তে উদ্ধাৰ হোৱা এই কণীটোৱে এতিয়া পুৰাতত্ত্ববিদসকলৰ মাজতো সৃষ্টি কৰিছে কৌতূহলৰ। ইজৰাইলৰ পুৰাতত্ত্ব বিভাগৰ বিশেষজ্ঞ ড০ লী পেৰী গালে কয়, 'ইজৰাইল আৰু সমগ্ৰ বিশ্বতে এয়া এক অতি বিৰল আৱিষ্কাৰ। খননৰ সময়ত কণীৰ বাকলি সদায় পোৱাটো আকৰ্ষণীয় আছিল আৰু ই স্বাভাৱিক। এটা পুৰণি কণী এইদৰে উদ্ধাৰ হোৱাটো সঁচাই বিৰল।' ইয়াৰ পূৰ্বে ইজৰাইলত প্ৰাচীন কণীৰ বাকলি জেৰুজালেমৰ ডেভিড চহৰত বহুবাৰ উদ্ধাৰ কৰা হৈছিল। উল্লেখ্য যে এই কণীটো দশম শতিকাৰ এটা পুৰাতাত্ত্বিক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে।


প্ৰথমাৱস্থাত এই পুৰাতাত্ত্বিক স্থানৰ ভিতৰত পুৰাতত্ত্ববিদসকলে ইছলামধৰ্মী যুগৰ এটা মালকুণ্ড বিচাৰি পাইছিল। কিন্তু খনন চলি থকাৰ মাজতেই ঘটি গৈছিল সেই বিৰল ঘটনাটি। প্ৰত্নতাত্ত্বিকসকলৰ আশ্চৰ্যৰ সীমা সেইসময়ত নোহোৱা হৈছিল, যেতিয়া তেওঁলোকে মালকুণ্ডৰ ভিতৰত এটা অস্বাভাৱিক বস্তু দেখা পাইছিল। ইজৰাইলৰ পুৰাতত্ত্ববিদ আল্লা নাগোৰ্স্কিয়ে কৈছিল, 'এই কণীটো এইবাবেই নিখুঁত হৈ আছিল যে এইটো এহাজাৰ বছৰ ধৰি এক নিৰ্দিষ্ট স্থানতে আছিল। কণীটো মানুহৰ মলৰ মাজত পৰি আছিল আৰু সেইবাবেই ইয়াৰ কোনো ক্ষতি হোৱা নাছিল।'



আল্লা নাগোৰ্স্কিয়ে কৈছিল– 'বৰ্তমান সময়ত কণীবোৰ ছুপাৰ মাৰ্কেটৰ কাৰ্টনৰ ভিতৰতো বৰ বেছি দিন ভাল হৈ নাথাকে। এইটো ভাবিয়েই বহু সুখ অনুভৱ কৰো যে এই কণীটো এহাজাৰ বছৰ পুৰণি আৰু উদ্ধাৰ হোৱা পৰ্যন্ত অক্ষত অৱস্থাতেই আছিল।' অৱশ্যে দুভাৰ্গ্যবশতঃ এই কণীটো পৰিষ্কাৰৰ সময়তে ভাঙি গৈছে আৰু ভিতৰৰ পদাৰ্থবোৰা বাহিৰলৈ ওলাই আহিছে, তথাপি ইয়াৰ কিছু অংশ এতিয়াও গৱেষণাৰ বাবে বাকী আছে। সুখৰ বতৰা এয়ে যে ১০০০ বছৰ পুৰণি এই কণীটোৱে ভৱিষ্যতে কণীৰ ক্ষেত্ৰত অধিক পৰীক্ষা তথা গৱেষণাত সহায় কৰিব।


পেৰী গালে কয় যে কুকুৰা পালন ৬০০০ বছৰ আগতে দক্ষিণ-পূব এছিয়াত হৈছিল, কিন্তু মানুহৰ খাদ্যৰ সৈতে ই জড়িত হ'বলৈ বহু সময় লাগিছিল। সেয়ে কুকুৰাবোৰক যুঁজৰ দৰে আন উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। কুকুৰাসমূহক এটা সুন্দৰ পশু বুলি গণ্য কৰা হৈছিল আৰু প্ৰাচীন ৰজাসকলক কুকুৰা উপহাৰ দিয়া হৈছিল।

Published by: Gautam Barman
First published: June 10, 2021, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি