যুদ্ধবিৰতিৰ ২৫ দিন পিছত ইজৰাইলে পুনৰ পেলেষ্টাইনৰ গাজাত চলাইছে আক্ৰমণ। বিবিচিৰ প্ৰতিবেদন মতে, বুধবাৰে ৰাতিপুৱা হামাছৰ বিভিন্ন প্ৰতিষ্ঠানক লক্ষ্য কৰি বিমান আক্ৰমণ কৰে ইজৰাইলে। আক্ৰমণত নিহত লোকৰ সংখ্যা জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা গাজাৰ ফালৰ পৰা ইজৰাইলৰ দক্ষিণ অংশলৈ বিস্ফোৰক ডিভাইচযুক্ত গেছ বেলুন প্ৰেৰণ কৰা হৈছিল। ইজৰাইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ মতে এই গেছ বেলুনৰ ফলত ইজৰাইলৰ কেইবাঠাইতো জুই লাগিছিল। এনে প্ৰায় ২০টা বেলুন গাজা সীমান্তীয় অঞ্চলত ভূপতিত কৰা হয়।
এক বিবৃতিত ইজৰাইলী সেনাই কয় যে তেওঁলোকে ইতিমধ্যে হামাছৰ পৰা সম্ভাৱ্য আক্ৰমণৰ বাবে সাজু আছিল আৰু কালি গেছীয় বেলুন প্ৰেৰণৰ প্ৰতিক্ৰিয়া স্বৰূপে গাজাত আক্ৰমণ কৰা হৈছে। ইফালে, পেলাইষ্টাইনী সূত্ৰৰ মতে, ইজৰাইলে গাজাৰ দক্ষিণ প্ৰান্তৰ খান ইউনুছ চহৰৰ এটা নিৰ্দিষ্ট অংশক লক্ষ্য কৰি লৈছিল। হামাছৰ এজন মুখপাত্ৰই পেলেষ্টাইনীসকলে জেৰুজালেমত তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থাকিব বুলি উল্লেখ কৰে।
উল্লেখ্য, ২১ মে'ত ১১ দিনৰ যুদ্ধৰ পিছত দুয়োপক্ষই যুদ্ধবিৰতিত সন্মতি দিছিল। ইজৰাইলৰ পূৰ্বৰ আক্ৰমণত ৬৬টি শিশুসহ ২৫৬গৰাকী পেলেষ্টাইনী নিহত হৈছিল আৰু আন বহু লোক আহত হৈছিল। আনহাতে, হামাছৰ ৰকেট আক্ৰমণত ১২গৰাকী ইজৰাইলৰ লোক নিহত হৈছিল। ইফালে আজি পুনৰ ইজৰাইলৰ আক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে পেলেষ্টাইনী নাগৰিক আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক বিশ্লেষকসকলৰ আশংকা বৃদ্ধি হৈছে। এক দশক ধৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ আসনত থকা বেঞ্জামিন নেতান্যহুৱে যোৱা দেওবাৰে শাসনৰ পৰা অব্যাহতি লোৱাৰ পিছতে আজি এই ঘটনা সংঘটিত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|