কোৰোণা ভাইৰাছত আক্ৰান্ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানেহুৰ সহযোগী, ২৫তাৰিখে হৈছিল দুয়োৰে সাক্ষাৎ

News18 Assam | News18-Assam
Updated:March 30, 2020, 2:07 PM IST
কোৰোণা ভাইৰাছত আক্ৰান্ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানেহুৰ সহযোগী, ২৫তাৰিখে হৈছিল দুয়োৰে সাক্ষাৎ
নেত্যানেহুৰ ঘনিষ্ঠ উপদেষ্টা ৰিবিকা পালুখ কোৰোণা পজিটিভ বুলি ৰিপ’ৰ্টত ওলাইছে। ৬৪ বছৰীয়া ৰিবিকা আল্ট্ৰা অৰ্থডক্স বিষয়ৰ কাৰণে প্ৰধানমন্ত্ৰী নেত্যানেহুৰ উপদেষ্টা হিচাপে আছে। 

নেত্যানেহুৰ ঘনিষ্ঠ উপদেষ্টা ৰিবিকা পালুখ কোৰোণা পজিটিভ বুলি ৰিপ’ৰ্টত ওলাইছে। ৬৪ বছৰীয়া ৰিবিকা আল্ট্ৰা অৰ্থডক্স বিষয়ৰ কাৰণে প্ৰধানমন্ত্ৰী নেত্যানেহুৰ উপদেষ্টা হিচাপে আছে। 

  • Share this:
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন কোৰোণা সংক্ৰমিত হোৱাৰ পিছতে এতিয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানেহুৰ এগৰাকী ঘনিষ্ঠ সহযোগীও কোৰোণা টেষ্টত পজিটিভ ওলাইছে। অৱশ্যে ইজৰাইলী চৰকাৰে এই কথা জনোৱা নাই যে শেহতীয়াকৈ নেত্যানেহু এই মহিলাগৰাকীৰ সংস্পৰ্শলৈ আহিছিল নে নাই। কিন্তু জানিব পৰা মতে নেত্যানেহুৰ টেষ্ট কৰোৱা হ’ব আৰু নিগেটিভ আহিলেও কিছুদিন তেওঁক চেল্ফ আইশ্যলেশ্যনত ৰখা হ’ব।

উল্লেখযোগ্য যে, নেত্যানেহুৰ ঘনিষ্ঠ ৰিবিকা পালুখ কোৰোণা পজিটিভ ওলাইছে। ৬৪বছৰীয়া ৰিবিকা আল্ট্ৰা অৰ্থডক্স বিষয়ত নেত্যানেহুৰ উপদেষ্টা। চৰকাৰী সূত্ৰমতে যিসকল লোক বিগত সময়ত ৰিবিকাৰ সম্পৰ্কলৈ আহিছিল তেওঁলোকক ১৪দিনৰ কোৱাৰানটাইনত ৰখা হ’ব।

বহুকেইজন নেতাক সাক্ষাৎ কৰিছিল ৰিবিকাই

টাইমছ অৱ ইজৰাইলৰ মতে ৰিবিকাই বৃহস্পতিবাৰে বহুকেইজন ডাঙৰ নেতাক সাক্ষাৎ কৰিছিল। নেত্যানেহুৱে ২৫মাৰ্চত দেশবাসীক সম্বোধন কৰিছিল আৰু তেতিয়াও ৰিবিকা তেওঁৰ লগত আছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে দুয়ো ২৫মাৰ্চত শেষ সাক্ষাৎ কৰিছিল কিন্তু ছচিয়েল ডিটেন্সিঙৰ কাৰণে দুয়ো যথেষ্ট দূৰত্বত অৱস্থান কৰিছিল।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা মতে বিগত কেইবাটাও সপ্তাহত নেত্যানেহুৰ সৈতে সাক্ষাৎ কৰা প্ৰত্যেকজন অতিথিয়ে এই ছচিয়েল ডিচটেনশ্যিং মানি আহিছে। ইয়াৰ পূৰ্বে ৰিবিকাৰ পৰিয়ালৰ এজন সদস্য কোৰোণা পজিটিভ ওলাইছিল। ৰিবিকাৰ স্বামীৰ গাতো কোৰোণাৰ লক্ষণ দেখা দিয়াৰ কাৰণে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। উল্লেখযোগ্য যে ইজৰাইলত এইপৰ্যন্ত কোৰোণা সংক্ৰমণৰ ৪৩৪৭টা ঘটনা পোহৰলৈ আহিছে আৰু মুঠ ১৫জন লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে।
Published by: Tulika Devi
First published: March 30, 2020, 2:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading