• Home
  • »
  • News
  • »
  • world
  • »
  • আগতীয়া প্ৰতিৰোধ! হামাছৰ অস্ত্ৰভাণ্ডাৰত এয়াৰ ষ্ট্ৰাইক ইজৰাইলী বায়ুসেনাৰ, ধ্বংস বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

আগতীয়া প্ৰতিৰোধ! হামাছৰ অস্ত্ৰভাণ্ডাৰত এয়াৰ ষ্ট্ৰাইক ইজৰাইলী বায়ুসেনাৰ, ধ্বংস বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

তালিবানে আফগানিস্থান দখল কৰাৰ পিছতে সীমান্তত সষ্টম ইজৰাইলী সেনা।

তালিবানে আফগানিস্থান দখল কৰাৰ পিছতে সীমান্তত সষ্টম ইজৰাইলী সেনা।

তালিবানে আফগানিস্থান দখল কৰাৰ পিছতে সীমান্তত সষ্টম ইজৰাইলী সেনা।

  • Share this:

বিশ্বৰ ভিতৰতে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম আছে ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ। বিশ্বৰ যিকোনো শক্তিধৰ দেশকে প্ৰতিৰোধ কৰিব পৰাকৈ সদা সষ্টম হৈ থাকে ইজৰাইলী সেনা। ইজৰাইলী সেনাক বিশেষভাৱে শক্তিশালী কৰিছে মিছাইল প্ৰতিৰোধী আইৰণ ড'মে। দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব পৰা প্ৰতিটো ক্ষেত্ৰতে কঠোৰ ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগ।


সেয়ে হয়তো তালিবানীয়ে আফগানিস্থান দখল কৰাৰ পিছতে দেশৰ সীমান্তত সেনাৰ সঞ্চালন বৃদ্ধি কৰিছে ইজৰাইলে। কেৱল সেনাৰ সঞ্চালন বৃদ্ধি কৰাই নহয় ইজৰাইলী বায়ু সেনাই বৰ্তমান এয়াৰ ষ্ট্ৰাইক চলাইছে বিশ্বত্ৰাস ইছলামিক সন্ত্ৰাসবাদী সংগঠন "হামাছ"ৰ অস্ত্ৰভাণ্ডাৰত। ধ্বংস কৰিছে সংগঠনটোৱে মজুত কৰি ৰখা বিশাল পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ। দৰাচলতে তালিবানে আফগানিস্থান দখল কৰাৰ পিছতে তালিবানী সন্ত্ৰাসবাদীক অভিনন্দন জনাইছিল বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন হামাছে।


শনিবাৰে পেলেষ্টাইনী সমৰ্থকে ইজৰাইল সীমান্তত দেশখনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল। প্ৰথমে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা পেলেষ্টাইনী সমৰ্থক সকলৰ পিছলৈ ইজৰাইলী সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা প্ৰতিৰক্ষা বাহিনীৰ জোৱানলৈ শিলগুটিৰ লগত নিক্ষেপ কৰিছিল পেট্ৰল বোমা। এই প্ৰতিবাদত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ এজন বিষয়া আহত হোৱাৰ পিছতে ইজৰাইলী সেনাই প্ৰতিবাদকাৰীক কঠোৰ হাতেৰে দমন কৰে।


ইজৰাইলী সেনাই গুলীবৰ্ষণ কৰাত ২৪জন পেলেষ্টাইনী আহত হয়। ইয়াৰ পিছতে সন্ত্ৰাসবাদী সংগঠন "হামাছ"ৰ অস্ত্ৰভাণ্ডাৰত ইটোৰ পিচত সিটো মিছাইল নিক্ষেপ কৰি সংগঠনটোৰ শক্তি নি:শেষ কৰাৰ চেষ্টা কৰিছে। ইজৰাইলী সেনাই বৰ্তমান সমগ্ৰ সীমান্ততে সেনাৰ সঞ্চালন বৃদ্ধি কৰাৰ লগতে উপগ্ৰহৰ জৰিয়তে সন্ত্ৰাসবাদীৰ সংগঠনৰ গতি-বিধিত তীক্ষ্ণ দৃষ্টি নিৱদ্ধ ৰাখিছে। ইপিনে ইজৰাইলী সেনাই আচম্বিতে কৰা আক্ৰমণত শংকিত হৈ পৰিছে হামাছ। উল্লেখযোগ্য যে, এই বছৰৰ মে মাহত ১১ দিন চলা যুঁজত হামাছৰ ৮০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ২৫৬জন পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছিল।

Published by:Gautam Barman
First published: