ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দাবী, ‘আমি আৱিষ্কাৰ কৰিলো কোৰোণা ভাইৰাছৰ ভেকচিন’

News18 Assam | News18-Assam
Updated:May 6, 2020, 12:48 PM IST
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দাবী, ‘আমি আৱিষ্কাৰ কৰিলো কোৰোণা ভাইৰাছৰ ভেকচিন’
Source-Google

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনেটৰ দাবী- ‘আমি আৱিষ্কাৰ কৰিলো কোৰোণা ভাইৰাছ ধ্বংস কৰাৰ ভেকচিন’

  • Share this:
বিশ্বজুৰি এতিয়াও অব্যাহত আছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস।  বিশ্বৰ আগশাৰীৰ চিকিত্‍সা বিজ্ঞানীসকলে এতিয়া দিনে নিশাই কোৰোণা ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ  প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে আহিছে কিছু আশাৰ বতৰা। কোৰোণা ভাইৰাছৰ এণ্টিবডি আৱিষ্কাৰ কৰিলে বুলি দাবী কৰিলে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনেটে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে,  ‘কোৰোণা ভাইৰাছৰ এণ্টিবডি আৱিষ্কাৰত ইজৰাইলৰ ইনষ্টিটিউট ফৰ বায়’লজিকেল ৰাছাৰ্চে লাভ কৰিছে বিশেষ সফলতা। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যই  সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিছে।

উল্লেখ্য যে,  দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তত্ত্বাৱধানত চলা আই আই বি আৰৰ বিজ্ঞানী, গৱেষকসকলে ইতিমধ্যে এই এণ্টিবডিৰ সম্পৰীক্ষাৰে কোৰোণাত আক্ৰান্ত ৰোগীৰ শৰীৰত কোৰোণা ভাইৰাছ নাশ কৰাত সফলতা লাভ কৰিছে বুলিও দাবী কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

সফলতাৰ পিছতে  গৱেষণাটোৱে এতিয়া ইয়াৰ পেটেণ্ট লাভ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।  ইয়াৰ পিছতে  আন্তৰ্জাতিক কোম্পানীৰ সৈতে আই আই বি আৰে কোৰোণাৰ এণ্টিব’ডি বাণিজ্যিকভাবে প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading