• Home
  • »
  • News
  • »
  • world
  • »
  • Israel–Palestine Conflict: ইজৰাইলৰ প্ৰতিশোধ, বিধস্ত পেলেষ্টাইনৰ গাজাপট্টি চহৰ, ইজৰাইলক জোকাই বিপদত পেলেষ্টাইন

Israel–Palestine Conflict: ইজৰাইলৰ প্ৰতিশোধ, বিধস্ত পেলেষ্টাইনৰ গাজাপট্টি চহৰ, ইজৰাইলক জোকাই বিপদত পেলেষ্টাইন

Gaza Violence: ইজৰাইলৰ আক্ৰমণত নিহত ৩২ পেলেষ্টাইনী নাগৰিক, আহত ২৫০জনৰো অধিক।

Gaza Violence: ইজৰাইলৰ আক্ৰমণত নিহত ৩২ পেলেষ্টাইনী নাগৰিক, আহত ২৫০জনৰো অধিক।

Gaza Violence: ইজৰাইলৰ আক্ৰমণত নিহত ৩২ পেলেষ্টাইনী নাগৰিক, আহত ২৫০জনৰো অধিক।

  • Share this:
ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাত (Israel–Palestine Conflict)ৰ বাতৰিয়ে প্ৰায়ে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। পিছে এইবাৰ ইজৰাইলক জোকাই পুনৰ বিপদত পৰিছে পেলেষ্টাইন। বিশ্বৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন হিচাপে পৰিচিত পেলেষ্টাইনৰ হামাছে (Hamas) আগষ্টৰ প্ৰথম সপ্তাহৰে পৰা ইজৰাইললৈ লক্ষ্য কৰি বহু ৰকেট নিক্ষেপ কৰে। প্ৰথম অৱস্থাত ইজৰাইলৰ এণ্টি মিছাইল চিষ্টেমে এই ৰকেট সমূহ প্ৰতিহত কৰে যদিও পৰৱৰ্তী সময়ত হামাছৰ ৰকেটে দক্ষিণ ইজৰাইলৰ এটা অংশত কিছূ ক্ষয়-ক্ষতি কৰে।

ইয়াৰ পিছতে শুক্ৰবাৰৰ পৰা ইজৰাইলী সেনাই পেলেষ্টাইনৰ বিৰুদ্ধে উগ্ৰমূৰ্ত্তি ধাৰণ কৰে। ইজৰাইলী সেনাই হামাছৰ ঘাটি ৰূপে পৰিচিত পেলেষ্টাইনৰ গাজাপট্টি (Gaza) চহৰক লক্ষ্য কৰি লয়। ইজৰাইলী সেনাৰ মিছাইল আক্ৰমণত পেলেষ্টাইনৰ চহৰখনৰ বহু অংশ ধ্বংসস্তুপত পৰিণত হৈছে। গাজাপট্টিত ১৮টাকৈ হামাছৰ ঘাটি মিছাইল আক্ৰমণৰে ধ্বংস কৰিছে ইজৰাইলে।

ইজৰাইলী বায়ু সেনায়ো এই আক্ৰমণত অংশ গ্ৰহণ কৰিছে। এই আক্ৰমণত হামাছৰ ২০জন সন্ত্ৰাসবাদীসহ ৩২জন লোক নিহত হৈছে। আহত হৈছে সৰ্বমুঠ ২৫০জন লোক। পেলেষ্টাইনৰ বিৰুদ্ধে ইজৰাইলৰ মিছাইল আক্ৰমণ এতিয়াও অব্যাহত আছে। প্ৰাণৰ শংকাত বহু পেলেষ্টাইনী লোকে গাজাপট্টি এৰি পলায়ন কৰিছে।
Published by:Manjumoni Borah
First published: