ইজৰাইলে অসমত নিযুক্তি দিলে প্ৰতিনিধি; জয়শ্ৰী দাস বাৰ্মা হ’ব উত্তৰ-পূৱত দেশখনৰ উপ ৰাষ্ট্ৰদূত

২০২০ চনৰ নৱেম্বৰ মাহত ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসম, মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছিল।
২০২০ চনৰ নৱেম্বৰ মাহত ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসম, মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছিল।
- News18 Assam
- Last Updated: January 9, 2021, 10:02 AM IST
নিযুক্তিৰ ঘোষণাৰ পাছতে ভাৰতবৰ্ষত ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰণ মালাকাই কয় – ভাৰত আৰু ইজৰাইলৰ মাজত সম্বন্ধ প্ৰতিদিনে দৃঢ় হৈ গৈ আছে আৰু উত্তৰ পূৱলৈ এই সম্বন্ধৰ প্ৰভাৱ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য হাতত লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
আনহাতে এই সন্মান গ্ৰহণ কৰি জয়শ্ৰী দাস বাৰ্মাই কয় – ইজৰাইলৰ প্ৰযুক্তি আৰু আন দক্ষতা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাত তেওঁ সৰ্ব প্ৰথমে নিমজ্জিত হ’ব। উল্লেখযোগ্য যে, ২০২০ চনৰ নৱেম্বৰ মাহত ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসম, মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছিল। তেওঁ তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হৈছিল।