শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ IS-ৰ

Dulu Medhi | News18-Assam
Updated:April 24, 2019, 4:37 PM IST
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ IS-ৰ
শ্ৰীলংকা বিস্ফোৰণ

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট(IS)ৰ

  • Share this:
চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট(IS)ৰ। ৰয়টাৰ্ছ নিউজ এজেঞ্চীয়ে এই খবৰ নিশ্চিত কৰিলে। এই আক্ৰমণত মৃতকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। মঙলবাৰলৈ এই বিস্ফোৰণত মৃতকৰ সংখ্যা ৩০০লৈ বৃদ্ধি। দেওবাৰে ইষ্টাৰৰ শুভ মুহূৰ্তত দেশখনৰ ৮টা স্থানত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

এই বিস্ফোৰণত মৃত লোকসকলৰ ভিতৰত আছিল ১০ গৰাকী ভাৰতীয় লোকো। ৩০০গৰাকী লোকৰ ভিতৰত ৪৫ গৰাকী লোক বিদেশী, আটাইকেইজনৰ মৃত্যু হয়। শ্ৰীলংকাত আজি সংসদত বিশেষ সত্ৰৰ আহ্বান। এই সত্ৰতে মৃত লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। আজি ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে পালন কৰা হৈছে দেশখনত।

আৰু চাওক
পৰৱৰ্তী বাতৰি