জীয়াই আছে নেকি ISIS প্ৰধান বাগদাদী? ৫ বছৰৰ পিছত বাহিৰ হ’ল ভিডিঅ’

বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISIS-এ এইবাৰ টাৰ্গেট কৰি লৈছে অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ মুছলমান যুৱক-যুৱতীক

news18assam
Updated:April 30, 2019, 1:39 PM IST
জীয়াই আছে নেকি ISIS প্ৰধান বাগদাদী? ৫ বছৰৰ পিছত বাহিৰ হ’ল ভিডিঅ’
বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISIS-এ এইবাৰ টাৰ্গেট কৰি লৈছে অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ মুছলমান যুৱক-যুৱতীক
news18assam
Updated: April 30, 2019, 1:39 PM IST
বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISIS-এ এইবাৰ টাৰ্গেট কৰি লৈছে অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ মুছলমান যুৱক-যুৱতীক। বাংলা ভাষাত নতুন প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি ISISৰ মুৰব্বী আল বাগদাদীয়ে টাৰ্গেট কৰি লৈছে এই অঞ্চল কেইটাৰ মুছলমান যুৱকসকলক।



বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিশোধমূলক ভূমিকা লোৱাৰ বাবে ভূয়সী প্ৰশংসা কৰি বাগদাদীয়ে নিজ সতীৰ্থ তথা সমভাৱাপন্ন মিত্ৰ শক্তি সমুহৰো শলাগ লয়। ISISৰ নিজা সংবাদগোষ্ঠী 'আমাকে' প্ৰকাশ কৰা এক শেহতীয়া ভিডিঅ'ৰ সৈতে প্ৰকাশ কৰা বাংলা ভাষাৰ প্ৰেছ বিজ্ঞপ্তিক লৈ সক্ৰিয় হৈ পৰিছে দেশৰ নিৰাপত্তা এজেঞ্চীসমূহ। পশ্চিম বংগ আৰু অসমত শ্লীপাৰ ছেল হিচাপে কাম কৰি থকা বহু মৌলবাদী সন্ত্ৰাসবাদী বিগত সময়চোৱাত গ্ৰেপ্তাৰ হোৱাৰ পৰিপেক্ষিতত বিষয়টোক লৈ গৃহমন্ত্ৰালয়ৰ তৎপৰতা বৃদ্ধি পাইছে। ISISৰ এই কাৰ্যই প্ৰতীয়মান কৰে যে, ISত বাংলাভাষী যুৱক অথবা যুৱতী ব্যাপক হাৰত নিযুক্তি দিছে। ইছলামিক ষ্টেটৰ এই তৎপৰতাই দক্ষিণ পূব এছিয়াৰ অসমকে ধৰি সমগ্ৰ অঞ্চলজুৰি ভয়াৱহ ভবিষ্যতৰ আগজাননী দিছে। ভিডিঅ'টোতে শ্ৰীংলকাৰ নৰসংহাৰৰ দায়িত্ব স্বীকাৰ কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৱে।
আৰু চাওক পৰৱৰ্তী বাতৰি