অসম, ত্ৰিপুৰা আৰু বাংলাদেশৰ বাংলাভাষীক টাৰ্গেট ISISৰ, বংগৰ আমিৰ হিচাপে নিযুক্তি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

ISIS-এ পশ্চিম বংগ, অসম, ত্ৰিপুৰা আৰু বাংলাদেশক সামৰি নিৰ্মাণ কৰি উলিয়াছে বেংগলৰ নতুন মানচিত্ৰ। I

news18assam
Updated:May 1, 2019, 6:10 PM IST
অসম, ত্ৰিপুৰা আৰু বাংলাদেশৰ বাংলাভাষীক টাৰ্গেট ISISৰ, বংগৰ আমিৰ হিচাপে নিযুক্তি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী
ISIS-এ পশ্চিম বংগ, অসম, ত্ৰিপুৰা আৰু বাংলাদেশক সামৰি নিৰ্মাণ কৰি উলিয়াছে বেংগলৰ নতুন মানচিত্ৰ। I
news18assam
Updated: May 1, 2019, 6:10 PM IST
ISIS-এ পশ্চিম বংগ, অসম, ত্ৰিপুৰা আৰু বাংলাদেশক সামৰি নিৰ্মাণ কৰি উলিয়াছে বেংগলৰ নতুন মানচিত্ৰ। ISIS-এ  বেংগলৰ আমিৰ হিচাপে নিযুক্তি দিছে আবু মহম্মদ আল বেংগলী নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক। ISISৰ এই কাৰ্যই প্ৰতীয়মান কৰে যে, ISত বাংলাভাষী যুৱক অথবা যুৱতী ব্যাপক হাৰত নিযুক্তি দিছে। সেইসকলক আকৰ্ষিত কৰিবৰ বাবেই বাংলা ভাষাত প্ৰেছ বিজ্ঞপ্তি জাৰী কৰিছে ISIS-এ। ISISৰ নিজা সংবাদ এজেঞ্চী ‘আমাকে’ প্ৰকাশ কৰা  ভিডিঅ'ৰ তথ্য বাংলা ভাষাতো বিজ্ঞপ্তি হিচাপে প্ৰকাশ কৰিছে। এই বিষয়ে বিস্তৃতভাৱে প্ৰকাশ পাইছে টাইমছ্ অব ইণ্ডিয়াত।
পশ্চিমবংগ, অসম, ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলক ISIS-এ শ্লীপাৰ শ্বেল হিচাপে বিভিন্ন কূটাঘাতমূলক কামত ব্যৱহাৰ কৰিব পাৰে। পশ্চিম বংগ আৰু অসমত শ্লীপাৰ ছেল হিচাপে কাম কৰি থকা বহু মৌলবাদী সন্ত্ৰাসবাদী বিগত সময়চোৱাত গ্ৰেপ্তাৰ হোৱাৰ পৰিপেক্ষিতত বিষয়টোক লৈ গৃহমন্ত্ৰালয়ৰ তৎপৰতা বৃদ্ধি পাইছে। ইছলামিক ষ্টেটৰ এই তৎপৰতাই দক্ষিণ পূব এছিয়াৰ অসমকে ধৰি সমগ্ৰ অঞ্চলজুৰি ভয়াৱহ ভবিষ্যতৰ আগজাননী দিছে। আনহাতে মঙলবাৰে ISIS-এ মুকলি কৰা ভিডিঅ'টোতে শ্ৰীংলকাৰ নৰসংহাৰৰ দায়িত্ব স্বীকাৰ কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৱে। উত্তৰ পূব, পশ্চিম বংগ আৰু বাংলাদেশত সাংগঠনিক তৎপৰতা তীব্ৰতৰ কৰি তুলিছে ইছলামিক ষ্টেট তথা IS-এ।
আৰু চাওক পৰৱৰ্তী বাতৰি