আমেৰিকাই কি কৰিলে ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ মৃতদেহ?

News18-Assam
Updated:October 29, 2019, 6:27 PM IST
আমেৰিকাই কি কৰিলে ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ মৃতদেহ?
জেনেৰেল মিলেই কয় যে আমেৰিকান সেনাই বাগদাদীৰ দুই সতীৰ্থক কৰায়ত্ত কৰিছে। দুয়োকে বৰ্তমান নিজৰ জিম্মাত ৰাখিছে সেনাই।

জেনেৰেল মিলেই কয় যে আমেৰিকান সেনাই বাগদাদীৰ দুই সতীৰ্থক কৰায়ত্ত কৰিছে। দুয়োকে বৰ্তমান নিজৰ জিম্মাত ৰাখিছে সেনাই।

  • Share this:
আমেৰিকান সেনাৰ হাতত নিহত হ’ল দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদী। এই কথা ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কোৱা হৈছে যে উত্তৰ পশ্চিম ছিৰিয়াত আমেৰিকান সেনাই এফালে বন্ধ এক সুৰংগত বাগদাদীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু যেতিয়া পলোৱাৰ কোনো পথ নাছিল তেতিয়া বাগদাদীয়ে আত্মঘাতী বিস্ফোৰণ ঘটাই নিজৰ লগতে আন তিনিজনক মৃত্যুৰ মুখলৈ ঠেলি দিছিল।

আমেৰিকাৰ জইণ্ট চীফ অৱ ষ্টাফৰ মুৰব্বীয়ে কয় যে ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ অন্তিম সংস্কাৰ আমেৰিকাৰ সশস্ত্ৰ সংঘৰ্ষ আইন অনুসৰি কৰা হৈছে। ইয়াৰ পূৰ্বে অল কায়দাৰ মুৰব্বী ওছামা বিন লাডেনকো এইদৰে সাগৰৰ পাৰত সমাধিস্থ কৰা হৈছিল। ২০১১ চনত পাকিস্তানৰ এবটাবাদত আমেৰিকান সেনাই হত্যা কৰিছিল লাডেনক।

জইণ্ট চীফ অব ষ্টাফৰ মুৰব্বী জেনেৰেল মাৰ্ক মিলেই সাংবাদিকৰ আগত কয় যে বাগদাদীৰ মৃতদেহ ফৰেনছিক ডি এন এ পৰীক্ষাৰ বাবে এক সুৰক্ষিত কেন্দ্ৰলৈ নিয়া হৈছিল যাতে তেওঁক চিনাক্তকৰণ কৰিব পৰা যায় আৰু তাৰ পিছত বাগদাদীৰ মৃতদেহৰ অন্তিম সংস্কাৰ কৰা হয়। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু উচিতভাৱেই কৰা হৈছে।

জেনেৰেল মিলেই কয় যে আমেৰিকান সেনাই বাগদাদীৰ দুই সতীৰ্থক কৰায়ত্ত কৰিছে। দুয়োকে বৰ্তমান নিজৰ জিম্মাত ৰাখিছে সেনাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি