নিহত হ’ল ISISৰ মুৰব্বী বাগদাদী, চূড়ান্ত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

‘কুকুৰৰ দৰে হত্যা কৰিলো ISIS ৰ মুৰব্বী বাগদাদীক’। এই কথা কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ  ড’নাল্ড ট্ৰামে। 

News18-Assam
Updated:October 27, 2019, 10:31 PM IST
নিহত হ’ল ISISৰ মুৰব্বী বাগদাদী, চূড়ান্ত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে
‘কুকুৰৰ দৰে হত্যা কৰিলো ISIS ৰ মুৰব্বী বাগদাদীক’। এই কথা কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ  ড’নাল্ড ট্ৰামে। 
News18-Assam
Updated: October 27, 2019, 10:31 PM IST
‘কুকুৰৰ দৰে হত্যা কৰিলো ISIS ৰ মুৰব্বী বাগদাদীক’। এই কথা কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ  ড’নাল্ড ট্ৰামে।

বিশ্বৰ সবাতোকৈ ভয়ংকৰ সন্ত্ৰাসবাদী সংগঠন ISISৰ মুৰব্বী আবু বক্কৰ অল বাগদাদীৰ মৃত্যুৰ খবৰ চূড়ান্ত কৰিছে  ড’নাল্ড ট্ৰামে। আমেৰিকা সেনাৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে শনিবাৰে উত্তৰ পশ্চিম ছিৰিয়াৰ এক আক্ৰমণত আমেৰিকান সেনাই টাৰ্গেট কৰিছিল ISISৰ মুৰব্বী বাগদাদীক।

ইয়াৰ পূৰ্বে হোৱাইট হাউছৰ সূত্ৰই সদৰি কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে (আমেৰিকাৰ সময় অনুসৰি) পুৱা ৯ বজাত এক ডাঙৰ ঘোষণা কৰিব। হোৱাইট হাউছৰ উপ–প্ৰেছ সচিব হোগন গিদলেই এই তথ্য সদৰি কৰিছে।

সন্ত্ৰাসবাদী সংগঠনটোৰ নেতা বাগদাদীয়ে বিগত ৫ বছৰ ধৰি আত্মগোপন কৰি আছিল। সাধাৰণতে, সময়ে সময়ে বাগদাদীৰ মৃত্যুৰ খবৰ ওলাই থাকে যদিও, কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চূডান্ত কৰিছে সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ খবৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি