তিনিটা যৌনাংগৰে জন্ম হ'ল শিশু, বিশ্বৰ ভিতৰতে প্ৰথমটো ঘটনা, হতবাক চিকিত্‍সক

News18 Assam | News18-Assam
Updated:April 4, 2021, 3:13 PM IST
তিনিটা যৌনাংগৰে জন্ম হ'ল শিশু, বিশ্বৰ ভিতৰতে প্ৰথমটো ঘটনা, হতবাক চিকিত্‍সক
ডাক্তৰে জনোৱা মতে, ৫০ৰ পৰা ৬০ লাখ ল'ৰাৰ ভিতৰত তেনেধৰণৰ এটা শিশুৰ জন্ম হয়।

ডাক্তৰে জনোৱা মতে, ৫০ৰ পৰা ৬০ লাখ ল'ৰাৰ ভিতৰত তেনেধৰণৰ এটা শিশুৰ জন্ম হয়।

  • Share this:
কেতিয়াবা কিছুমান খবৰ শুনা যায়, যিয়ে সকলোকে আচৰিত কৰি তোলে। ইৰাকৰ জন্ম হৈছে তিনিটা যৌনাংগ থকা এটি শিশু। চিকিত্‍সকে জনোৱা মতে, বিশ্বৰ ভিতৰতে এনে শিশু প্ৰথমবাৰলৈ জন্ম হৈছে। মেডিকেলৰ ভাষাত ইয়াক ট্ৰিপহেলীয়া বুলি কোৱা হয়।

চিকিত্‍সকে চাৰ্জাৰি কৰি ইতিমধ্যে দুটা লিংগ আঁতৰাই দিছে। তিনিওটা যৌনাংগৰ ভিতৰত এটাহে কাৰ্যক্ষম। চিকিত্‍সকৰ অনুসন্ধানত পোহৰলৈ আহে যে, দুটা যৌনাংগ একেটা স্থানতে থকাৰ পৰিৱৰ্তে এটা অণ্ডকোষৰ তলফালে আছিল।

ডাক্তৰে জনোৱা মতে, ৫০ৰ পৰা ৬০ লাখ ল'ৰাৰ ভিতৰত তেনেধৰণৰ এটা শিশুৰ জন্ম হয়।

ডেইলী মেইলৰ ৰিপৰ্ট অনুসৰি, ভাৰততো এনেধৰণৰ এক ঘটনা পোহৰলৈ আহিছিল। কিন্তু মেডিকেলৰ জাৰ্নেলত এই তথ্য প্ৰকাশ কৰা হোৱা নাছিল। সেইকাৰণে সেই শিশুটিক লেখত ল'ব পৰা নগ'ল।
Published by: Himangshu Bhuyan
First published: April 4, 2021, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি