বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / বিশ্ব / Mahsa Amini Death|Hijab: হিজাব নিপিন্ধাৰ বাবেই মৰেলিটী পুলিচৰ বৰ্বৰ নিৰ্যাতনৰ পিছত ইৰাণৰ মাহছা আমিনিৰ কৰুণ মৃত্যু

Mahsa Amini Death|Hijab: হিজাব নিপিন্ধাৰ বাবেই মৰেলিটী পুলিচৰ বৰ্বৰ নিৰ্যাতনৰ পিছত ইৰাণৰ মাহছা আমিনিৰ কৰুণ মৃত্যু

Mahsa Amini Death|Hijab: হিজাব নিপিন্ধাৰ বাবেই মৰেলিটী পুলিচৰ বৰ্বৰ নিৰ্যাতনৰ পিছত ইৰাণৰ মাহছা আমিনিৰ কৰুণ মৃত্যু

Mahsa Amini Death|Hijab: আনুষ্ঠানিকভাৱে গাষ্ট-ই এৰশ্বাদ (গাইডেন্স পেট্ৰ’ল (Gasht-e Ershad (Guidance Patrol) নামেৰে জনাজাত নৈতিকতা আৰক্ষীৰ আচৰণক লৈ ইৰাণৰ ভিতৰত আৰু বাহিৰত ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্কৰ মাজতে আমিনিৰ মৃত্যু হৈছে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

তেহৰাণ (Tehran)ত কুখ্যাত মৰেলিটী পুলিচে (morality police) গ্ৰেপ্তাৰ কৰাৰ পিছত ক’মাত পৰা ইৰাণৰ এগৰাকীযুৱতীৰ শুকুৰবাৰে মৃত্যু হয় বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। যুবতীগৰাকীৰ পৰিয়ালে “সন্দেহজনক” মৃত্যুৰ ন্যায় বিচাৰৰ দাবী কৰাৰ লগতে দোষীসকলক শাস্তিৰ দাবী জনাইছে।

ইৰাণ (Iran)ৰ ৰাজধানী ভ্ৰমণলৈ যোৱাৰ সময়তে মঙলবাৰে ইৰাণ ইছলামিক গণৰাজ্যৰ মহিলাসকলৰ বাবে কঠোৰ সাজ-পোছাক বলবৎ কৰাৰ দায়িত্বত থকা আৰক্ষী ইউনিট মৰেলিটী পুলিচে ২২ বছৰীয়া মাহছা আমিনী (Mahsa Amini)ক গ্ৰেপ্তাৰ কৰিছিল। আমিনীয়ে ইৰাণৰ ৰাজহুৱা স্থানত বাধ্যতামূলক হিজাব পৰিধান কৰা নাছিল।

বিজ্ঞাপন

ইৰাণৰ চৰকাৰী টেলিভিছনত প্ৰকাশ পাইছে যে দুৰ্ভাগ্যজনকভাৱে তাইৰ মৃত্যু হয় আৰু তেওঁৰ মৃতদেহ চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়লৈ স্থানান্তৰ কৰা হয়।

ইৰাণ ৱায়াৰ ৱেবছাইট আৰু শ্বাৰঘ কাকতকে ধৰি ফাৰ্চী ভাষাৰ সংবাদ মাধ্যমে তেওঁৰ পৰিয়ালৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে পূৰ্বে সুস্থ আমিনীক গ্ৰেপ্তাৰৰ কেইঘণ্টামান পিছতে ক’মাত পৰে আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু য’ত আমিনীৰ মৃত্যু হয়।

থানাত উপস্থিত হোৱাৰ পৰা চিকিৎসালয়লৈ যোৱাৰ মাজত কি হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইৰাণত হিংসাৰ ঘটনা নিৰীক্ষণ কৰা The 1500tavsir নামৰ চেনেলটোৱে কয় যে আমিনীয়ে মূৰত আঘাত পাইছিল।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ছবিত দেখা গৈছে যে আমিনী চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ বাহিৰত বহু লোকৰ ভিৰ হৈছিল আৰু আৰক্ষীয়ে সমবেত হোৱা কেইবা ডজন লোকক ছত্ৰভংগ দিবলৈ চেষ্টা কৰিছে। সন্ধিয়াৰ পিছত ক্ষোভিত লোকে তেহৰাণত শাসক বিৰোধী শ্লোগান দিয়াও দেখা গৈছিল।

বিজ্ঞাপন

‘MUST FACE JUSTICE’

এম্নেষ্টী ইণ্টাৰনেশ্যনেলে (Amnesty International) কয় যে, “২২ বছৰীয়া যুৱতী মাহছা আমিনীৰ আৰক্ষীৰ জিম্মাত সন্দেহজনকভাৱে মৃত্যু হোৱা পৰিস্থিতি, য’ত জিম্মাত নিৰ্যাতন আৰু অন্যান্য দুৰ্ব্যৱহাৰৰ অভিযোগ অন্তৰ্ভুক্ত, সেইবোৰৰ অপৰাধমূলক তদন্ত কৰিব লাগিব।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন (US President Joe Biden)ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে আমিনীৰ মৃত্যুক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। শুকুৰবাৰে তেওঁ টুইট কৰি কয় যে ইৰাণৰ নৈতিকতা আৰক্ষীয়ে জিম্মাত প্ৰহাৰ কৰা বুলি খবৰ পোৱা ২২ বছৰীয়া মাহছা আমিনিৰ মৃত্যুক লৈ আমি অতিশয় উদ্বিগ্ন হৈছো।

বিজ্ঞাপন

“তাইৰ মৃত্যু ক্ষমা কৰিব নোৱাৰা। এনে মানৱ অধিকাৰ উলংঘাৰ বাবে আমি ইৰাণৰ বিষয়াসকলক জবাবদিহি কৰি যাম।’

ইয়াৰ উপৰিও টুইটাৰত ইৰাণৰ বিশিষ্ট অধিবক্তা ছাইদ দেঘানে আমিনিৰ মৃত্যুক “হত্যা” বুলি অভিহিত কৰি কয় যে তেওঁৰ মূৰত আঘাত পাইছিল যাৰ ফলত তেওঁৰ মূৰৰ খোলা ভাঙি গৈছিল।

শুকুৰবাৰে এক বিবৃতিত তেহৰাণ আৰক্ষীয়ে জোৰ দি কয় যে বিষয়া আৰু আমিনিৰ মাজত “কোনো শাৰীৰিক মুখামুখি হোৱা নাছিল”।

বিজ্ঞাপন

ইয়াত কোৱা হৈছে যে মঙলবাৰে ড্ৰেছ কোডৰ ওপৰত “নিৰ্দেশনা”ৰ বাবে থানালৈ লৈ যোৱা কেইবাগৰাকী মহিলাৰ ভিতৰত আমিনীও আছিল। বিবৃতিটোত কোৱা হৈছে যে, ‘হলটোত আন আন দৰ্শনাৰ্থীৰ সৈতে থকাৰ সময়ত হঠাতে অজ্ঞান হৈ পৰে তাই।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে আমিনিৰ গোচৰৰ তদন্ত আৰম্ভ কৰিবলৈ গৃহ মন্ত্ৰীক নিৰ্দেশ দিছিল।

‘চৰকাৰ দায়বদ্ধ’

ইৰাণৰ নিউয়ৰ্কস্থিত চেণ্টাৰ ফৰ হিউমেন ৰাইটছৰ মুৰব্বী হাদি গামীয়ে তেওঁৰ মৃত্যুক “প্ৰতিৰোধযোগ্য ট্ৰেজেডী” বুলি অভিহিত কৰি কয়, ‘ইৰাণৰ চৰকাৰ দায়ী। ৰাজ্যৰ বৈষম্যমূলক বলপূৰ্বক হিজাব (Hijab) আইনৰ আৱৰণত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল।’

বিজ্ঞাপন

আনুষ্ঠানিকভাৱে গাষ্ট-ই এৰশ্বাদ (গাইডেন্স পেট্ৰ’ল (Gasht-e Ershad (Guidance Patrol) নামেৰে জনাজাত নৈতিকতা আৰক্ষীৰ আচৰণক লৈ ইৰাণৰ ভিতৰত আৰু বাহিৰত ক্ৰমাৎ বৃদ্ধি পোৱা বিতৰ্কৰ মাজতে আমিনিৰ মৃত্যু হৈছে।

জুলাই মাহত বাহিনীটোৰ এখন ভেনৰ সন্মুখত থিয় হৈ এগৰাকী মহিলাই নিজৰ কন্যাক মুক্তিৰ বাবে অনুৰোধ জনোৱাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Hijab , iran
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন