মিছাইলৰ আক্ৰমণত ৮০জন ‘মাৰ্কিন সন্ত্ৰাসবাদী’ৰ মৃত্যু, দাবী ইৰাণী সংবাদমাধ্যমৰ

News18 Assam | News18-Assam
Updated:January 8, 2020, 3:01 PM IST
মিছাইলৰ আক্ৰমণত ৮০জন ‘মাৰ্কিন সন্ত্ৰাসবাদী’ৰ মৃত্যু, দাবী ইৰাণী সংবাদমাধ্যমৰ
তেহৰাণৰ পৰা ১৫টাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। 

তেহৰাণৰ পৰা ১৫টাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। 

  • Share this:
মিছাইল আক্ৰমণৰ পিছত আহিল চৰকাৰী বিবৃতি। ইৰাণৰ চৰকাৰী সংবাদমাধ্যমে জনাইছে বুধবাৰৰ মিছাইল আক্ৰমণত অন্ততঃ ৮০টা ‘আমেৰিকান সন্ত্ৰাসবাদী’ৰ মৃত্যু হৈছে। সৰ্বমুঠ ১৫টা মিছাইলৰ আক্ৰমণ কৰা হৈছে তেহৰাণৰ পৰা। ইৰাণৰ দাবী প্ৰত্যেকটো মিছাইলে মাৰ্কিন সেনাবাহিনীৰ বেছ কেম্পত আঘাত কৰিছে। এটাও মিছাইলৰ লক্ষ্যভ্ৰষ্ট হোৱা নাই।  চৰকাৰী টেলিভিজনে ছিনিয়ৰ ৰেভলিউশ্যনাৰী গাৰ্ডৰ উৎস উল্লেখ কৰি কৈছে যে মুঠ ১০০টা লক্ষ্যস্থানত টাৰ্গেট কৰা হৈছিল। ৱাশ্বিংটনে যি ঠাইত নিজকে কটকটীয়া নিৰাপত্তাৰে আৱৰি ৰাখিছিল তাতেই আঘাত কৰা হৈছে। লগতে কোৱা হৈছে মাৰ্কিন যুদ্ধবিমান আৰু প্ৰচুৰ সামৰিক অস্ত্ৰভাণ্ডাৰতো আঘাত কৰা হৈছে।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰক আগেয়েই হুমকি দিছিল ইৰাণে। সেইমতেই কাৰ্যব্যৱস্থা হাতত লৈছে তেওঁলোকে। ইৰাকত মাৰ্কিন সেনাৰ দুটা বেছ কেম্পত আক্ৰমণ কৰিলে তেওঁলোকে। যোৱা সপ্তাহত ইৰাণৰ সেনাপ্ৰধান ছুলেমানিক হত্যা কৰিছিল আমেৰিকাই। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ৰাষ্ট্ৰপতি কাৰ্যকালৰ সকলোতকৈ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি ক’ব পাৰি। কাৰণ ইৰাণর এই প্ৰতি আক্ৰমণে মধ্য প্ৰাচ্যত যুদ্ধৰ পৰিৱেশ তীব্ৰতৰ হৈ উঠিছে।

ইৰাণৰ স্থানীয় সময়মতে পিছবেলা ৫বাজি ৩০মিনিটত এক ডজন মিছাইলেৰে আক্ৰমণ কৰা হয়। ইৰাকৰ আল আছাদ তথা ইৰবিল কেম্পত চলে আক্ৰমণ। চাওক সেই ভিডিওঃ




অৱশ্যে ইৰাণ বা আমেৰিকা কোনেও আক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ বা আহতৰ বিৱৰণ প্ৰকাশ কৰা নাই।

ডনাল্ড ট্ৰাম্ৰে টুইটাৰত লিখিছেঃ সকলো ঠিকে আছে। ইৰাকৰ দুটা মিলিটেৰী বেছত ক্ষেপণাস্ত্ৰ এৰা হৈছে। কিমান ক্ষতি হৈছে সেই পৰিমাণ চাই থকা হৈছে। এতিয়ালৈকে সকলো ঠিকে আছে। সমগ্ৰ বিশ্বত সামৰিক ক্ষমতা আমাৰে বেছি। মই কাইলৈ পুৱা বিবৃতি প্ৰকাশ কৰিম।

First published: January 8, 2020, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading