সন্ত্ৰাসবাদী সংগঠন জইছ–ই–অল–অদলে প্ৰায় আঢ়ৈ বছৰ পূৰ্বে এই দুজন সেনাক বন্দী কৰি ৰাখিছিল।
সন্ত্ৰাসবাদী সংগঠন জইছ–ই–অল–অদলে প্ৰায় আঢ়ৈ বছৰ পূৰ্বে এই দুজন সেনাক বন্দী কৰি ৰাখিছিল।
পুনৰ পাকিস্তানত ছাৰ্জিকেল ষ্ট্ৰাইক। ভাৰত নহয়, এইবাৰ পাকিস্তানৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলে ইৰাণে। খবৰ অনুসৰি, ইৰাণৰ IRGC বা ইৰাণ ৰিভলিউছনেৰী গাৰ্ডে পাকিস্তানত সোমাই তেওঁলোকৰ দুই সেনাক উদ্ধাৰ কৰি নিয়ে। ২০১৮ চনত ১২জন অপহৃত সেনাৰ ভিতৰত এই দুজনো আছিল। পাকিস্তানৰ ভিতৰত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অপাৰেচন কৰা হৈছে।
দক্ষিণ–পূব ইৰাণৰ IRGC গ্ৰাউণ্ড ফ’ৰ্চৰ ফালৰ পৰা এই বিজ্ঞপ্তি জাৰি কৰি এই বিষয়ে জনোৱা হৈছে। সন্ত্ৰাসবাদী সংগঠন জইছ–ই–অল–অদলে প্ৰায় আঢ়ৈ বছৰ পূৰ্বে এই দুজন সেনাক বন্দী কৰি ৰাখিছিল। তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে এই অপাৰেচন চলোৱা হয়। পাকিস্তানত সোমাই এই দুই সেনাক উদ্ধাৰ কৰি ইৰাণলৈ সুৰক্ষিতভাৱে প্ৰেৰণ কৰা হৈছে।
২০১৮ চনৰ ১৬ অক্টোবৰত দুই দেশৰ সীমান্তৰ পৰা IRGCৰ ১২জন গাৰ্ডক অপহৰণ কৰে এই সন্ত্ৰাসবাদী সংগঠনটোৱে। তেওঁলোকৰ আটাইকে বেলুচিস্তানত ৰখা হৈছিল। ইয়াৰ পিছত দুই দেশৰ সেনা বিষয়াসকলৰ এক জইণ্ট কমিটী গঠন কৰা হয় আৰু ১২ জন সেনাৰ ভিতৰত ৫জনক এৰি দিয়া হয়। ২০১৮ চনত ৫জনক এৰি দিয়াৰ পিছত ২০১৯ চনৰ ২১ মাৰ্চত আন চাৰিজন সেনাক এৰি দিয়া হয়। কেৱল দুজন সেনাক বন্দী কৰি ৰাখিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|