আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ যুদ্ধ ঘোষণা! মছজিদৰ ওপৰত উৰুৱালে ৰঙা পতাকা

News18 Assam | News18-Assam
Updated:January 5, 2020, 9:58 AM IST
আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ যুদ্ধ ঘোষণা! মছজিদৰ ওপৰত উৰুৱালে ৰঙা পতাকা
ছিয়া সম্প্ৰদায়ত ৰঙা পতাকাৰ অৰ্থ হৈছে প্ৰতিশোধ বা যুদ্ধ ঘোষণা।

ছিয়া সম্প্ৰদায়ত ৰঙা পতাকাৰ অৰ্থ হৈছে প্ৰতিশোধ বা যুদ্ধ ঘোষণা।

  • Share this:
কুদ্ছ ফ’ৰ্চৰ মুৰব্বী মেজৰ জেনেৰেল কাছিম ছুলেমানীৰ মৃত্যুৰ পিছত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ লৈছে ইৰাণে। ইয়াৰ মাজতে ইৰাণে কৌমস্থিত মছজিদত উৰুৱালে ৰঙা পতাকা। ইৰাণৰ চৰকাৰী টেলিভিছন চেনেলত দেখুওৱা হৈছে যে পৱিত্ৰ চহৰ কৌমত জমকাৰণ মছজিদৰ ওপৰত উৰুওৱা হৈছে ৰঙা পতাকা। ছিয়া সম্প্ৰদায়ত ৰঙা পতাকাৰ অৰ্থ হৈছে প্ৰতিশোধ বা যুদ্ধ ঘোষণা।

স্থানীয় লোকৰ মতে পৱিত্ৰ চহৰ কৌমত ইতিহাসত প্ৰথমবাৰৰ বাবে উৰিছে ৰঙা পতাকা। উল্লেখযোগ্য যে শনিবাৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইয়ে ছুলেমানীৰ পৰিয়ালক সাক্ষাৎ কৰিছিল। তেওঁ ছুলেমানীৰ পৰিয়ালক আশ্বাস দিছিল যে শীঘ্ৰে ছুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব।



NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: January 5, 2020, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading