உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • HumDum : বিয়াৰ পৰা সন্তান জন্ম দিয়ালৈ, সকলো দায়িত্ব ল'ব চৰকাৰে, আৰম্ভ চৰকাৰী ডেটিং এপ হমদম!

    HumDum : বিয়াৰ পৰা সন্তান জন্ম দিয়ালৈ, সকলো দায়িত্ব ল'ব চৰকাৰে, আৰম্ভ চৰকাৰী ডেটিং এপ হমদম!

    representative image/AFP

    representative image/AFP

    হমদম এপত কোনো যুৱক-যুৱতীয়ে জইন কৰি কথা-বতৰা পাতিলে বিয়াৰ কথা আগবঢ়াব চৰকৰে নিজে। বিয়াৰ পিছতো ৪ বছৰ ধৰি দুয়ো পৰিবাৰৰ সৈতে যোগাযোগ ৰাখিব চৰকাৰে।

    • Share this:
    ইছলাম ধৰ্মীয় দেশ ইৰাণ (Iran)ত এক ভয়ংকৰ সমস্যাই দেখা দিছে। দেশখনৰ তেবিয়ান কালচাৰেল ইনষ্টিটিউট (Tebiyan Cultural Institute)ৰ এক অধ্যয়নত প্ৰকাশ পোৱা মতে দেশখনত বিবাহৰ প্ৰতি আগ্ৰহ কমিছে যুৱ সমাজত। সঘনাই বিবাহ বিচ্ছেদ, গৰ্ভপাতৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে সন্তানৰ দায়িত্বও পালন কৰাৰ প্ৰতি আগ্ৰহী নহয় যুৱ প্ৰজন্ম। দেশৰ জনসংখ্যাত ব্যাপক প্ৰভাৱ পেলোৱা এই পৰিঘটনাৰ বাবেই এইবাৰ ইৰাণ চৰকাৰ নিজে আগবাঢ়ি আহিছে সমাধানৰ বাবে। ইৰাণ চৰকাৰে আৰম্ভ কৰিছে বিশ্বৰ ভিতৰতে প্ৰথমটো চৰকাৰী ডেটিং এপ (Dating App) 'হমদম' (HumDum)।

    উল্লেখ্য যে ইৰাণত জনসংখ্যা (Population of Iran) ইমানেই কমিছে যে চৰকাৰে অলপতে দেশখনত দুটাতকৈ অধিক সন্তান জন্ম দিয়াটো বাধ্যতামূলক কৰি আইন প্ৰণয়নৰো যো-জা কৰিছিল। অৱশ্যে এতিয়ালৈ তেনে আইন গৃহীত হোৱা নাই। তদুপৰি গৰ্ভপাতৰ অধিকাৰ সীমিত কৰাৰ বাবেও আইন অনাৰ চেষ্টা চলি আছে। কিন্তু বিল পাছ নহ'লেও চৰকাৰে ডিজিটেল উপায়েৰে জনসংখ্যাৰ ওপৰত নজৰ ৰখাৰ এক সমাধান হিচাপে আৰম্ভ কৰিছে 'হমদম' ডেটিং এপ। কিন্তু এই এপটো জনতাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ বুলি সমালোচনা কৰিছে একাংশ লোকে।

    হমদম এপত কোনো যুৱক-যুৱতীয়ে জইন কৰি কথা-বতৰা পাতিলে বিয়াৰ কথা আগবঢ়াব চৰকৰে নিজে। চৰকাৰী পৰামৰ্শদাতাই এই বিয়াখন সফল আয়োজনত কৰিব সকলো সহায়। আনকি বিয়াৰ পিছতো ৪ বছৰ ধৰি দুয়ো পৰিবাৰৰ সৈতে যোগাযোগ ৰাখিব চৰকাৰে। এনে কাৰণতে সমালোচনাৰ সন্মুখীন হৈছে 'হমদম' ডেটিং এপ।

    উল্লেখ্য যে অন্য ডেটিং এপত কোনো যুৱক-যুৱতীয়ে মুকলি মনেৰে ডেটিঙৰ আনন্দ উপভোগ কৰিব পাৰে। বিবাহ এই ডেটিং এপবোৰৰ টাৰ্গেট নহয়। কিন্তু হমদমৰ লক্ষ্যই হৈছে বিবাহ কৰাই দিয়া। ফলত আজিৰ পৰিবেশৰ পৰিপ্ৰেক্ষিতত ইৰাণত হমদম এপ কিমান জনপ্ৰিয় বা ফলপ্ৰসূ হয় সেয়া সময়েহে ক'ব।
    Published by:Manjumoni Borah
    First published: