যুদ্ধৰ দামামা! ইৰাকস্থিত আমেৰিকান সেনাৰ শিবিৰত আক্ৰমণ ইৰাণৰ, এক ডজনৰো অধিক মিছাইল নিক্ষেপ

News18 Assam | News18-Assam
Updated:January 8, 2020, 8:21 AM IST
যুদ্ধৰ দামামা! ইৰাকস্থিত আমেৰিকান সেনাৰ শিবিৰত আক্ৰমণ ইৰাণৰ, এক ডজনৰো অধিক মিছাইল নিক্ষেপ
চিএনএন নিউজৰ আগত আমেৰিকাৰ এগৰাকী বিষয়াই এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। বিষয়াগৰাকীয়ে কয় যে ইৰাকস্থিত আমেৰিকান সেনাৰ শিবিৰত মিছাইলেৰে আক্ৰমণ কৰা হৈছে।

চিএনএন নিউজৰ আগত আমেৰিকাৰ এগৰাকী বিষয়াই এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। বিষয়াগৰাকীয়ে কয় যে ইৰাকস্থিত আমেৰিকান সেনাৰ শিবিৰত মিছাইলেৰে আক্ৰমণ কৰা হৈছে।

  • Share this:
আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ আশংকাৰ মাজতে ইৰাকত আমেৰিকান সেনাৰ ঠিকনাত আক্ৰমণ। এক ডজনৰো অধিক বেলিষ্টিক মিছাইলেৰে আমেৰিকান সেনাৰ শিবিৰত আক্ৰমণ ইৰাণৰ। ইৰাকস্থিত অল অছদ আমেৰিকান এয়াৰবেছত সংঘটিত হয় এই আক্ৰমণ।

উল্লেখযোগ্য যে কাছিম ছুলেমানীৰ মৃত্যুৰ পিছত আমেৰিকাক প্ৰতিশোধৰ হুংকাৰ দিছিল ইৰাণে। ইৰাণৰ সংবাদ প্ৰতিষ্ঠান ফাৰ্ছ নিউজে ইৰাকৰ আমেৰিকান এয়াৰবেছত আক্ৰমণৰ এক ভিডিঅ’ মুকলি কৰিছে। সংবাদ প্ৰতিষ্ঠানটোৱে ইৰাকস্থিত আমেৰিকান এয়াৰবেছত আক্ৰমণৰ এই ঘটনাক আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিশোধৰ আৰম্ভণি বুলি মন্তব্য কৰিছে।

চিএনএন নিউজৰ আগত আমেৰিকাৰ এগৰাকী বিষয়াই এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। বিষয়াগৰাকীয়ে কয় যে ইৰাকস্থিত আমেৰিকান সেনাৰ শিবিৰত মিছাইলেৰে আক্ৰমণ কৰা হৈছে।




NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি