মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেই জনাইছে, হৰমোজগান প্ৰদেশৰ প্ৰধান বন্দৰ চহৰ বন্দৰ আব্বাছৰ পশ্চিমত ৬.০ ৰিখটাৰ স্কেলৰ দুটা ভূমিকম্পসহ মুঠ তিনিটা ভূঁইকঁপৰ সৃষ্টি হয়। মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেই জনাইছে, হৰমোজগান প্ৰদেশৰ প্ৰধান বন্দৰ চহৰ বন্দৰ আব্বাছৰ পশ্চিমত ৬.০ ৰিখটাৰ স্কেলৰ দুটা ভূমিকম্পসহ মুঠ তিনিটা ভূঁইকঁপৰ সৃষ্টি হয়। একাধিক ভূমিকম্পত শনিবাৰে কঁপি উঠিল দক্ষিণ ইৰান! ভয়ংকৰ ভূমিকম্পত এতিয়ালৈ ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শতাধিক লোক আহত হোৱাৰ খবৰ আহিছে। এই ভূমিকম্পত এখন গাঁও ধ্বংসস্তুপত পৰিণত হৈছে।
মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেই জনাইছে, হৰমোজগান প্ৰদেশৰ প্ৰধান বন্দৰ চহৰ বন্দৰ আব্বাছৰ পশ্চিমত ৬.০ ৰিখটাৰ স্কেলৰ দুটা ভূমিকম্পসহ মুঠ তিনিটা ভূঁইকঁপৰ সৃষ্টি হয়।
ভূমিকম্পৰ প্ৰথমটো জোকাৰণি অনুভূত হয় নিশা ২ বজাত, দেজগান চহৰৰ উত্তৰৰ এটা অঞ্চল কঁপি উঠে। ইয়াৰ দুঘণ্টা পিছত ৫.৭ প্ৰাবল্যৰ আন এটা ভূমিকম্প আৰু তাৰ পিছত আৰু এটা ভূমিকম্প হয় ৬.০ প্ৰাবল্যৰ।
হৰমোজগানৰ ৰাজ্যপাল মেহেদী দৌস্তিয়ে চৰকাৰী সংবাদ প্ৰতিষ্ঠান আইআৰএনএক জনাইছে, ভূমিকম্পত পাঁচজন নিহত হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ কাষত থকা এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়।
Published by: Sanjay Kumar Das
First published: July 03, 2022, 09:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|