• Home
  • »
  • News
  • »
  • world
  • »
  • Earthquake: ইৰাণত ৬.১ প্ৰাবল্যৰ ভূমিকম্প, ৫ জন নিহত আৰু ৪৪ জন আহত ! চীনলৈকে কম্পন অনুভৱ ...

Earthquake: ইৰাণত ৬.১ প্ৰাবল্যৰ ভূমিকম্প, ৫ জন নিহত আৰু ৪৪ জন আহত ! চীনলৈকে কম্পন অনুভৱ ...

ইৰাণৰ চৰকাৰী টিভিৰ মতে, এএফপিয়ে জনাইছে যে ভূমিকম্পৰ ফলত কমেও পাঁচজন লোক নিহত আৰু ৪৪ জন আহত হৈছে।

ইৰাণৰ চৰকাৰী টিভিৰ মতে, এএফপিয়ে জনাইছে যে ভূমিকম্পৰ ফলত কমেও পাঁচজন লোক নিহত আৰু ৪৪ জন আহত হৈছে।

ইৰাণৰ চৰকাৰী টিভিৰ মতে, এএফপিয়ে জনাইছে যে ভূমিকম্পৰ ফলত কমেও পাঁচজন লোক নিহত আৰু ৪৪ জন আহত হৈছে।

  • Share this:
শনিবাৰে এক শক্তিশালী ভূমিকম্পৰ ফলত ইৰাণৰ মাটি জোকাৰি গৈছিল। ভূমিকম্পটো ইমানেই শক্তিশালী আছিল যে কাটাৰ, ইউ.এ.ই. আৰু চীনলৈকে ইয়াৰ আফটাৰ শ্বক অনুভৱ কৰা হৈছিল। ইৰাণৰ সংবাদ মাধ্যমসমূহে ভূমিকম্পৰ প্ৰাবল্য ৬.১ বুলি প্ৰকাশ কৰিছে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কৈছে যে এইটো ৬.০ প্ৰাবল্যৰ। ইৰাণৰ চৰকাৰী টিভিৰ মতে, এএফপিয়ে জনাইছে যে ভূমিকম্পৰ ফলত কমেও পাঁচজন লোক নিহত আৰু ৪৪ জন আহত হৈছে।

দুপৰীয়া ১.৩২ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰস্থল হৰ্মোজগান প্ৰদেশৰ বন্দৰ চহৰ বান্দাৰ আব্বাছৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু মাটিৰ পৰা ১০ কিলোমিটাৰ তলত আছিল। এএফপিৰ মতে, প্ৰচণ্ড ভূমিকম্পৰ কেইমিনিটমান আগতে আৰু ৫.৭ প্ৰাবল্যৰ আফটাৰশ্বক হৈছিল। পিছতো কমেও ৭ টা আফটাৰশ্বক অনুভৱ কৰা হৈছিল।
Published by:Kokil Sarma
First published: