• Home
  • »
  • News
  • »
  • world
  • »
  • International Tiger Day 2021: আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস, আপুনি জানেনে কাজিৰঙাত সম্প্ৰতি কিমান বাঘ আছে ? বাঘৰ সংখ্যা বাঢ়িছে নে কমিছে ?

International Tiger Day 2021: আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস, আপুনি জানেনে কাজিৰঙাত সম্প্ৰতি কিমান বাঘ আছে ? বাঘৰ সংখ্যা বাঢ়িছে নে কমিছে ?

২০২০ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সম্পন্ন কৰা গণনা অনুসৰি কাজিৰঙাত পোৱা গৈছিল ১২১ বাঘ। কিন্তু ২০১৮ বৰ্ষত সৰ্ব ভাৰতীয় পৰ্য্যায়ত হোৱা গণনাত ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ প্ৰাধিকৰণে কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাত ১৩৫ ৰ পৰা ১৪১ টা ঢেকীয়াপতিয়া বাঘ থকাৰ ধাৰণা কৰিছিল।

  • Share this:
আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস। ২০১০ চনৰ পৰা বাঘ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে ২৯ জুলাই দিনটো বিশ্ব বাঘ দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বই। শেহতীয়াকৈ ২০২০ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সম্পন্ন কৰা গণনা অনুসৰি কাজিৰঙাত পোৱা গৈছিল ১২১ বাঘ। কিন্তু ২০১৮ বৰ্ষত সৰ্ব ভাৰতীয় পৰ্য্যায়ত হোৱা গণনাত ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ প্ৰাধিকৰণে কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাত ১৩৫ ৰ পৰা ১৪১ টা ঢেকীয়াপতিয়া বাঘ থকাৰ ধাৰণা কৰিছিল। এই কথা সদৰী কৰে বিগত ২৩ বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন বন্যপ্ৰাণীৰ উপৰিও বিশেষকৈ ঢেকীয়াপতিয়া বাঘৰ ওপৰত গৱেষণা চলাই থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ নাথ শৰ্মাই।

গৱেষণা বিষয়াগৰাকীয়ে জনোৱা মতে, পূৰ্বতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাৰ জড়িয়তে বাঘৰ গণনা চলোৱা হোৱা নাছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০০০ চনত প্ৰথম বাৰৰ বাবে বাঘৰ গণনা চলোৱা হৈছিল। বাঘৰ ঠেঙৰ চিন/চাব চাই চলোৱা হৈছিল বাঘৰ গণনা। ২০০০ বৰ্ষত প্ৰথম গণনা চলাওঁতে ৭২ টা বাঘ পোৱা গৈছিল যদিও সেই সংখ্যা ইমান বিশ্বাস যোগ্য নাছিল। সেই কাৰণে পৰিবৰ্তী সময়ত কেমেৰা ট্ৰেপিংৰ জৰিয়তে বাঘৰ গণনা কথা চিন্তা কৰা হল। ২০০৯ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলত পুনঃ প্ৰথমবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেমেৰা ট্ৰেপিংৰ জড়িয়তে বাঘৰ গণনা চলোৱা হৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আৰু অৰণ্যক নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত ট্ৰেল মাষ্টাৰ কেমেৰাৰে কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাৰ ৭০ শতাংশ অঞ্চলত এই গণনা চলোৱা হৈছিল। পৰৱৰ্তী সময়ত ২০১৪ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিজাববীয়াকৈ কেমেৰা ট্ৰেপিঙৰ জৰিয়তে বাঘৰ গণনা চলাবলৈ লয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই চলোৱা গণনাৰ সময়ত প্রথম অৱস্থাত চাৰি বৰ্গ কিলোমিটাৰত এটাকৈ কেমেৰা ব্যৱহাৰ কৰি গণনা চলাইছিল যদিও পাছলৈ দুই বৰ্গ কিলোমিটাৰত এটাকৈ কেমেৰা ব্যৱহাৰ কৰি বাঘ গণনা চলাই। আনহাতে, বিষয়া গৰাকীয়ে জনোৱা মতে, কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাত প্ৰতি বছৰে কৰি অহা এই গণনা বাঘৰ সংখ্যা বৃদ্ধি পাইছে যদিও বৃদ্ধিৰ সংখ্যা সিমিত। কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাত প্ৰতি ১৭ /১৮ বৰ্গ কিলোমিটাৰত আছে এটাকৈ বাঘ। ব্যাঘ্র প্ৰকল্প এলেকাৰ বাঘৰ ঘনত্ব চাই বাঘৰ সংখ্যা বেছি হোৱাৰ কাৰণে কাজিৰঙাৰ পৰা বাঘ ওলাই গৈ আন ঠাই বাসস্থান হিচাপে বাছি লোৱাত কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিৰ পৰিমান কম পোৱা গৈছে। বাঘে নতুন বাসস্থান সৃষ্টি কৰাটো এটা ভাল লক্ষণ বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে। ইফালে, ২০২০ বৰ্ষত  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিজাকৈ চলোৱা গণনাত পোৱা গৈছিল ১২১ টা বাঘ । ইয়াৰে ১০৪ প্ৰাপ্ত বয়স্ক আৰু ১৭ পোৱালি বাঘ। চলিত বৰ্ষৰ বাঘৰ গণনা ইতিমধ্যে সমাপ্ত হৈছে যদিও ফলাফল কাৰণে কিছু সময় লাগিব বুলি জনায় বিষয়া গৰাকীয়ে।
Published by:Kokil Sarma
First published: