আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ বিৰল অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। যুক্তৰাষ্ট্ৰৰ পৰা কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিকো পালেগৈ এলভিছ। প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাৰ সৈতে ৰীলে কৰি সাঁতুৰিছিল এলভিছে। ১০ ঘণ্টা ৫৯ মিনিটত মুঠ ৪০ কিলোমিটাৰ দূৰত্ব সাঁতুৰি অভিলেখ সৃষ্টি কৰিলে দুয়োগৰাকী সাঁতোৰবিদে।
দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিপদজ্জনক ছাৰ্কৰ বিচৰণ ভূমিৰ মাজেদি এই অভিযান এলভিছৰ। বিগত বৰ্ষত কাৰ্বি আংলঙত দুৰ্বৃত্তৰ হাতত নিহত অভি-নীলৰ সোঁৱৰণত এই অভিযান এলভিছ আলী হাজৰিকাৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 16, 2019, 08:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|