মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »US-Taiwan: টাইৱানত আমেৰিকাৰ দূত নেন্সী, সীমান্তত হঠাৎ চীন সেনাৰ ৰণচালি!

US-Taiwan: টাইৱানত আমেৰিকাৰ দূত নেন্সী, সীমান্তত হঠাৎ চীন সেনাৰ ৰণচালি!

নেন্সীৰ এই টাইৱান ভ্ৰমণক পূৰ্বেই ভয়ানক আখ্যা দিছিল চীনে। মঙলবাৰে পুনৰ সেই কথা মনত পেলাই দিয়ে ৰঙী চীনে।

নেন্সীৰ এই টাইৱান ভ্ৰমণক পূৰ্বেই ভয়ানক আখ্যা দিছিল চীনে। মঙলবাৰে পুনৰ সেই কথা মনত পেলাই দিয়ে ৰঙী চীনে।

নেন্সীৰ এই টাইৱান ভ্ৰমণক পূৰ্বেই ভয়ানক আখ্যা দিছিল চীনে। মঙলবাৰে পুনৰ সেই কথা মনত পেলাই দিয়ে ৰঙী চীনে।

  • Share this:
চীনৰ ৰঙা চকুক অগ্ৰাহ্য কৰি টাইৱানত উপস্থিত আমেৰিকাৰ কংগ্ৰেছৰ হাউছ অব ৰিপ্ৰেজেণ্টেটিভৰ স্পিকাৰ নেন্সী পেলোচী। তেওঁ কয়, আমেৰিকাৰ দূত হিচাপে তেওঁৰ উপস্থিত হোৱা ঘটনাই প্ৰমাণ কৰে, আচলতে টাইৱানৰ প্ৰতি তেওঁ বা তেওঁৰ দেশ কিমান বন্ধুত্বসুলভ। নেন্সীৰ টাইৱান ভ্ৰমণক লৈ এতিয়া আমেৰিকা আৰু চীনৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাদানুবাদ। পেলোচীৰ সৈতে টাইৱানৰ সীমান্তৰ সমীপত, দক্ষিণ চীন সাগৰত প্ৰৱশ কৰিছে আমেৰিকান সেনাও। আনহাতে, চীন সেনাও সষ্টম হৈ পৰিছে টাইৱান সীমান্তৰ সমীপত। তাত নতুনকৈ সেনাৰ আখৰা আৰম্ভ হ’ব বুলি ঘোষণা চীনৰ।

নেন্সীৰ এই টাইৱান ভ্ৰমণক পূৰ্বেই ভয়ানক আখ্যা দিছিল চীনে। মঙলবাৰে পুনৰ সেই কথা মনত পেলাই দিয়ে ৰঙী চীনে। চীনৰ ফালৰ পৰা কোৱা হৈছে, আমেৰিকাই ক্ৰমাগতভাৱে চীনৰ একতা ভংগৰ চেষ্টা কৰিছে। যিটো অন্যায়। এইবাৰ নেন্সীৰ ভ্ৰমণ এক ভয়ংকৰ দিশৰ ইংগিত। আমেৰিকাই জুইক লৈ খেলা চেষ্টা কৰিছে, যাৰ ফলাফল মাৰাত্মক হ’ব পাৰে। যিয়ে জুইক লৈ খেলা কৰে, তেওঁলোক সেই জুইতে পুৰি মৰে।

পূৰ্বেই এই সন্দৰ্ভত টুইট কৰি নেন্সী পেলোচীয়ে দাবী কৰিছিল, আমেৰিকাৰ দূত হিচাপে তেওঁৰ এই ভ্ৰমণে কেতিয়াও আমেৰিকা আৰু চীনৰ চুক্তি ভংগ কৰা নাই। আমেৰিকাৰ চীনৰ প্ৰতি যি নীতি, সেয়া সলনি হোৱা নাই। মঙলবাৰে নেন্সী টাইৱানত উপস্থিত হোৱাৰ পিছৰে পৰা চীনে উষ্মা প্ৰকাশ কৰিছে, প্ৰত্যুত্তৰ দিছে হোৱাইট হাউছেও। কোৱা হৈছে, চীনৰ দাবী একেবাৰেই মিছা। পেলোচীৰ টাইৱান ভ্ৰমণে কোনোপধ্যেই চীনৰ সাৰ্বভৌমত্বক আঘাত কৰা নাই। এয়া মিছা কথা। ইয়াৰ টাইৱানে আমেৰিকাৰ পক্ষত থিয় দিয়াৰ মত পোষণ কৰিছে।

শেহতীয়া বাতৰি