আজি কুলভূষণ যাদৱৰ গোচৰৰ ৰায় দিব আন্তৰ্জাতিক আদালতে

News18-Assam
Updated:July 17, 2019, 7:07 AM IST
আজি কুলভূষণ যাদৱৰ গোচৰৰ ৰায় দিব আন্তৰ্জাতিক আদালতে
চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল কুলভূষণ। ২০১৭ চনত কুলভূষণক দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়।

চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল কুলভূষণ। ২০১৭ চনত কুলভূষণক দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়।

  • Share this:
পাকিস্তানত কাৰাৰুদ্ধ কুলভূষণ যাদৱৰ গোচৰ সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব নেডাৰলেণ্ডৰ হেগস্থিত আন্তৰ্জাতিক আদালতে। ভাৰতীয় সময় মতে সন্ধিয়া ৬.৩০ বজাত আদালতে প্ৰদান কৰিব ৰায়। দুবছৰ ধৰি আন্তৰ্জাতিক আদালতত চলি আছে গোচৰ। ২০১৬ চনৰ ৩ মাৰ্চত গ্ৰেপ্তাৰ হোৱা কুলভূষণ যাদৱ ভাৰতীয় নৌ–সেনাৰ প্ৰাক্তন বিষয়া। বেলুচিস্তানত পাকিস্তানী সেনাই গ্ৰেপ্তাৰ কৰিছিল যাদৱক। চোৰাংচোৱাগিৰিৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল কুলভূষণ। ২০১৭ চনত কুলভূষণক দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়। এই ৰায়ত হস্তক্ষেপ কৰিছিল আন্তৰ্জাতিক আদালতে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading