এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন, সংগঠনটোৱে নিজ অধ্যুষিত অঞ্চলত চলাই সমান্তৰাল চৰকাৰ। আছে এখন বৃহৎ হাস্পতাল ৷ আছে বহুকেইখন স্কুল আৰু এখন কলেজ ৷ কলেজখনৰ প্ৰথমটো বেটছে যোৱা ফেব্ৰুৱাৰী মাহত শিক্ষা সাং কৰিছে ৷
এতিয়া সমগ্ৰ বিশ্বতে কোৰোণা ভাইৰাছৰ তাণ্ডৱ। সমগ্ৰ বিশ্বই মহাব্যাধি covid19ৰ বিৰুদ্ধে যুঁজিব লগীয়া হৈছে ৷ সেয়েহে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে COVID19ৰ চিকিৎসাৰ বাবে স্থাপন কৰিলে এখন চিকিৎসালয় ৷ স্থাপন কৰিলে কোৱেৰিণ্টাইন চেণ্টাৰো। সংগঠনটোৰ নাম হ’ল কাছিন ইণ্ডিপেণ্ডেন্ট অৰগেনাইজেছন, চমুকৈ KIO। সশস্ত্ৰ সংগঠনটোৰ সভাপতি গাম শ্বাৱনই সতীৰ্থ সহ পৰিদৰ্শন কৰিলে নতুন COVID19 হাস্পতালখন।
উল্লেখযোগ্য যে, ‘প্ৰায় বাৰ হাজাৰ সদস্যৰে পৰিপূৰ্ণ KIOয়ে চুবুৰীয়া ম্যানমাৰৰ কাচিন প্ৰদেশত চলাই আছে সমান্তৰাল চৰকাৰ ৷ য'ত শক্তিশালী টাটমাদাউ খ্যাত বাৰ্মিজ সেনাৰ নাই কোনো অস্তিত্ব ৷ য'ত কেৱল শাসন চলে KIOৰ ৷ য'ত শাসন যন্ত্ৰ পৰিচালনা কৰাত সহায় কৰে KIOৰ সামৰিক গোট KIAয়ে ৷
KIOৰ নিজাববীয়াকৈ আছে চিকিৎসক আৰু নাৰ্ছ ৷ সংগঠনৰ মুখ্য শিৱিৰ চীন সীমান্তৱৰ্তী লাইজা চহৰত ৷ অঞ্চলটোত ৰাইজৰ বাবে KIOয়ে স্থাপন কৰিছে স্কুল, কলেজ, হাস্পতাল আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ এক বিশেষ সুত্ৰই দাবী কৰা মতে KIOৰ লাইজাত থকা হাস্পতালত চীনৰ পৰা MBBS উৰ্ত্তীণ হোৱাৰ পিছত ডাঃ প্ৰাণময় অসমে আৰম্ভ কৰিছিল চিকিৎসা সেৱাৰ কাম ৷ ডাঃ প্ৰাণময় অসম আলফা (স্বাধীন)ৰ বৈদেশিক সচিব ৷