চুটি টপ পিন্ধাৰ বাবে ইনষ্টাগ্ৰাম মডেল ইছাবেলে এলান’ৰক বিমানত উঠাত বাধা

News18 Assam | News18-Assam
Updated:February 9, 2021, 10:11 AM IST
চুটি টপ পিন্ধাৰ বাবে ইনষ্টাগ্ৰাম মডেল ইছাবেলে এলান’ৰক বিমানত উঠাত বাধা
সেই সময়ত মডেলগৰাকীয়ে এটা ক’লা টপৰ লগত নীলা জিনছ পিন্ধি আছিল।

সেই সময়ত মডেলগৰাকীয়ে এটা ক’লা টপৰ লগত নীলা জিনছ পিন্ধি আছিল।

  • Share this:
চুটি টপ পিন্ধাৰ বাবে ইনষ্টাগ্ৰাম মডেল ইছাবেলে এলান’ৰক বিমানত উঠাত বাধা প্ৰদান কৰে অষ্ট্ৰেলিয়ান এয়াৰলাইনছ জেটষ্টাৰৰ বিমান কৰ্মীয়ে। মডেলগৰাকীয়ে পৰিধান কৰা কাপোৰযোৰক অসংযত বুলি অভিহিত কৰি বিমানত উঠাত বাধা দিয়ে বিমান কৰ্মীসকলে। এই কাৰ্যই ক্ষুব্ধ কৰি তোলে এলান’ৰক। বিমান কৰ্মীসকলৰ ব্যৱহাৰ অপমানসূচক হোৱাৰ লগতে অসহ্যকৰ বুলি উল্লেখ কৰে মডেলগৰাকীয়ে।

জানিব পৰা মতে, মডেলগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে গ’ল্ড ক’ষ্টৰ পৰা মেলবৰ্ণলৈ বুলি যাত্ৰা কৰিছিল। বিমানৰ নীতি-নিয়ম অনুসৰি মডেলগৰাকীৰ কাপোৰযোৰ প্ৰয়োজনতকৈ অধিক চুটি হোৱাৰ বাবে তেওঁক এটা জেকেট পিন্ধিবলৈ অনুৰোধ কৰে বিমানকৰ্মীসকলে। কিন্ত সেই সময়ত লগত জেকেট নথকাৰ বাবে অসুবিধাৰ সন্মুখীন হয় এলন’ৰ। ইয়াৰ পিছতেই বিমানখনৰ কৰ্মীসকলে মডেলগৰাকীৰ দলটোৰ সৈতে আলোচনা কৰি তেওঁৰ কাৰণে এটি জেকেটৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে সেই সময়ত মডেলগৰাকীয়ে এটা ক’লা টপৰ লগত নীলা জিনছ পিন্ধি আছিল।

ইছাবেলে জানিব দিয়ে যে বিমানকৰ্মীয়ে তেওঁক চাইছিল আৰু পিন্ধিবলৈ লগত জাম্পাৰ নাইবা জেকেট আছে নেকি সুধিছিল। মেলবৰ্ণত ঠাণ্ডা অনুভৱ হ’ব পাৰে নাইবা ঠাণ্ডা সোমোৱাৰ আংশকা কৰি জেকেট বিচাৰিছিল বুলি মডেলগৰাকীয়ে ভাবিছিল।

মডেলগৰাকীয়ে কয় “মই যেতিয়া বিমানত প্ৰৱেশ কৰিছিলো তেতিয়া তেওঁলোকে বাধা দিয়াৰ লগতে মোক সকলোৰে সমুখত থিয় কৰাই ৰাখিছিল। তেওঁলোকে মোক ঢাকি ৰাখিবলৈ কোনো কাপোৰ পায় নেকি বিচাৰিছিল। তাৰ পিছত মোৰ আসনলৈ এই সমগ্ৰ পথ মই এই কাপোৰ পিন্ধি যাবলগীয়া হৈছিল। এই কাৰ্য বৈষম্যমূলক হোৱাৰ লগতে অপমানজনক। মোৰ টপটো প্ৰয়োজনকৈ আধিক চুটি আৰু মই এয়া ঢাকি নৰখাকৈ ভ্ৰমণ কৰিব নোৱাৰিম বুলি তেওঁলোকে জনায়। মোৰ বক্ষযুগল সৰু হ’লে খুব সম্ভৱ তেওঁলোকে মোক নক’লেহেতেন।“

ইয়াৰ পিছতেই বিমান পৰিচাৰিকা এগৰাকীয়ে ইছাবেলেক পিন্ধিবলৈ জেকেট এটা আনি দিয়ে। এই সময়ছোৱাত মডেলগৰাকীয়ে অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় কিয়নো সকলোৱে তেখেতৰ ফালে লক্ষ কৰি আছিল। অৱশ্যে শেষত জেটষ্টাৰৰ বিমান কৰ্মীয়ে বিমান পৰিচালনাৰ নীতি-নিয়ম সম্পৰ্কে ভুল বুজাবুজি হোৱা বুলি উল্লেখ কৰাৰ লগতে মডেল গৰাকীৰ ওচৰত ক্ষমা বিচাৰে।
Published by: Sanjay Kumar Das
First published: February 9, 2021, 10:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি