আজৱ কাণ্ড-কাৰখানা কৰি থকাটো মানুহৰ এটা স্বভাৱেই। এইবাৰ তেনে এক আজৱ ঘটনা দেখা গ'ল ছুইজাৰলেণ্ডত। ছুইজাৰলেণ্ড (Switzerland)ৰ ক্লাউজেনপাছ অঞ্চলত হেলিকপ্টাৰেৰে ডাঙি নিয়া হ'ল গৰু।
সাধাৰণতে জৰুৰীকালীন পৰিস্থিতিত হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলোৱা হয়। নাইবা যুদ্ধক্ষেত্ৰত সেনাক এয়াৰ ড্ৰপ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়। কিন্তু এই ব্যতিক্ৰমী দৃশ্য দেখাৰ পাছত আপোনাৰ অনুমান হ'ব যে হেলিকপ্টাৰে কেৱল মানুহেই নহয় গৰুও উদ্ধাৰ কৰিব পাৰি।
সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬,৪০০ ফুট (১,৯৫০ মিটাৰ) উচ্চতাত এনেদৰে দাঙি অনা হ'ল কেইবাটাও গৰু। জানিব পৰা মতে ১০টা গৰু (Cow Airlifted) এনেদৰে হেলিকপ্টাৰেৰে লৈ যোৱা হৈছিল ক্লাউজেনপাছৰ পৰা আৰ্ণাৰবোডেনলৈ।
গৰুসমূহক মেছ হাৰ্নেছ আৰু গাইড ৰছীৰে বান্ধি ওলোমাই নিয়া হৈছিল। এই গৰুসমূহ নি দেশখনৰ বাৰ্ষিক গৰু পোৰেড (Cow Parade)ত অংশ গ্ৰহণ কৰোৱা হ'ব।
কৃষক জোনাছ আৰ্ণল্ডে কয় যে বহু ঠাইত গাড়ীৰে চৰণীয়া পথাৰত উপস্থিত হ’ব নোৱাৰি বাবে এনেদৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। তদুপৰি কেইবাটাও গৰু আঘাতপ্ৰাপ্ত আছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|