আধামৰা এটা পইতাচোৰাক বচাবলৈ হাস্পতাললৈ লৈ গ’ল এজন পথচাৰীয়ে? তাৰ পিছত...

News18 Assam | News18-Assam
Updated:June 4, 2021, 7:20 PM IST
আধামৰা এটা পইতাচোৰাক বচাবলৈ হাস্পতাললৈ লৈ গ’ল এজন পথচাৰীয়ে? তাৰ পিছত...
Photo Source: Twitter

তেওঁ কয়, ‘‘এয়া কোনো হাঁহিবলগীয়া কথা নহয়। পৃথিৱীত সকলো জীৱই গুৰুত্বপূৰ্ণ। জীৱ–জন্তুৰ প্ৰতিও সমান মৰম থকা দৰকাৰ।’’

  • Share this:
‘ৰোগী’ৰ অৱস্থা একেবাৰে মৰো মৰো। বচাবলৈ যিমান সোনকালে সম্ভৱ হাস্পতাললৈ নিব লাগে। তাকেই কৰিলে পথেৰ গৈ থকা এজন লোকে। কিন্তু হাস্পতাললৈ ‘ৰোগী’ক লৈ যোৱাৰ পিছতহে বুজা গ’ল আচল ঘটনা। সেই ‘ৰোগী’ কোনো মানুহ নহয়, এটা পইতাচোৰাহে। ৰাস্তাত প্ৰায় আধামৰা হৈ পৰি আছিল পইতাচোৰাটো। কিন্তু সেই দৃশ্য দেখি থাকিব নোৱাৰিলে লোকজন। পইতাচোৰাটোক নিজৰ হাতত তুলি পালেগৈ হাস্পতাল। তাৰ পিছত চিকিৎসাও কৰা হ’ল পইতাচোৰাটোক। ঘটনাটো থাইলেণ্ডৰ।

পশু চিকিৎসক ডাঃ থানু লিম্পাপাট্টানাৱানিচে তেওঁৰ এই অভিজ্ঞতা শ্বেয়াৰ কৰিছে। অৱশ্যে এনেধৰণৰ অভিজ্ঞতা পূৰ্বে কেতিয়াও হোৱা নাছিল বুলি উল্লেখ কৰে চিকিৎসকজনে। ছাই ৰাক পশু চিকিৎসালয়ৰ চিকিৎসক লিম্পাপাট্টানাৱানিছে কয়, তেওঁৰ ওচৰলৈ সেই লোকজনে এটা পইতাচোৰা লৈ আহি কয়, ইয়াক বচাব লাগিব। ইয়াৰ চিকিৎসাৰ প্ৰয়োজন। লগে লগে সেই কাম কৰিবলৈ সন্মত হয় চিকিৎসক। হাস্পতালত পইতাচোৰাটোৰ পৰীক্ষা কৰি তেওঁ বুজিলে, সঠিক সময়ত চিকিৎসা হ’লে পইতাচোৰাটোৰ বচাৰ সম্ভাৱনা ৫০–৫০। কিন্তু এটি পইতাচোৰাৰ প্ৰতি থকা এই মমতা দেখি চিকিৎসকে প্ৰশংসা কৰে লোকজনক। তেওঁ কয়, ‘‘এয়া কোনো হাঁহিবলগীয়া কথা নহয়। পৃথিৱীত সকলো জীৱই গুৰুত্বপূৰ্ণ। জীৱ–জন্তুৰ প্ৰতিও সমান মৰম থকা দৰকাৰ। সকলোৰে জীৱন মূল্যৱান...। এনেকুৱা মানুহ পৃথিৱীত আৰু বহু আছে বুলি আশা কৰো।’’
Published by: Sanjay Kumar Das
First published: June 4, 2021, 7:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি