কেৱল Amazonৰ দৰে বিদেশী প্ৰতিষ্ঠানেই নহয়, ঘৰুৱা প্ৰতিষ্ঠানসমূহেও দেশৰ বাণিজ্য নীতি উলংঘা কৰা কাৰ্যত জড়িত হৈ পৰিছে।
কেৱল Amazonৰ দৰে বিদেশী প্ৰতিষ্ঠানেই নহয়, ঘৰুৱা প্ৰতিষ্ঠানসমূহেও দেশৰ বাণিজ্য নীতি উলংঘা কৰা কাৰ্যত জড়িত হৈ পৰিছে।
বিগত সপ্তাহত কৰ্ণাটক উচ্চ ন্যায়ালয়ে সুপ্ৰতিষ্ঠিত ই-কমাৰ্চ প্লেটফৰ্ম Amazon, Flipkart-ৰ অসাধু বাণিজ্যিক নীতিৰ বিৰুদ্ধে তদন্তৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছিল কম্পিটিচন কমিচন অফ ইণ্ডিয়া (Competition Commission of India) চমুকৈ CCIক। এই ৰায়ৰ পিছতেই দেশৰ বাণিজ্যিক মহলত এক চাঞ্চল্যৰৰ সৃষ্টি হৈছে। এইবাৰ দেখা গৈছে যে কেৱল Amazonৰ দৰে বিদেশী প্ৰতিষ্ঠানেই নহয়, ঘৰুৱা প্ৰতিষ্ঠানসমূহেও দেশৰ বাণিজ্য নীতি উলংঘা কৰা কাৰ্যত জড়িত হৈ পৰিছে। আৰু এই সন্দৰ্ভত সম্প্ৰতি এক বৃহৎ পৰিমাণৰ কৰ বিবাদৰ সৈতে নাম সাঙোৰ খাই পৰিছে দেশৰ অন্যতম বিখ্যাত বাণিজ্যিক সংগঠন Infosys আৰু ইয়াৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ (Narayana Murthy)।
নাৰায়ণ মূৰ্তিৰ বিৰুদ্ধে ঘৰুৱা বাণিজ্য নীতি উলংঘা কৰাৰ প্ৰশ্নটো প্ৰকৃততে ক'ত উত্থাপিত হৈছে?
দেশৰ আইন অনুসৰি কোনো বিদেশী কোম্পানীক কোনো ভাৰতীয় ৰিটেইলাৰৰ সৈতে চুক্তিবদ্ধ হ'বলৈ আৰু ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে ঘৰুৱা বজাৰত তেওঁলোকৰ সামগ্ৰী অনলাইন বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহয়। কিন্তু এই ক্ষেত্ৰত সেয়াই ঘটা দেখা গৈছে। জানিব পৰা গৈছে যে Amazonৰ সৈতে ৰিটেইলিং হাউছ Cloudtailৰ প্ৰায় প্ৰায় একচেটিয়া চুক্তি আছে আৰু ইয়াৰ পৰিচালনাৰ আঁৰত আছে নাৰায়ণ মূৰ্তি আৰু তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্য। এই Cloudtailৰ ৭৬ শতাংশই মূৰ্তি পৰিয়ালৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু বাকী Amazonৰ অধীনত। The Guardianত প্ৰকাশিত হৈছে এই তথ্য।
The Guardianৰ প্ৰতিবেদনত দেশৰ বাণিজ্য আইনৰ উলংঘন কৰাৰ দিশটোৰ লগতে কৰ বিবাদৰ কথাও উল্লেখ কৰা হৈছে। জানিব পৰা গৈছে যে ভাৰতীয় কৰ বিভাগে নাৰায়ণ মূৰ্তি আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ দ্বাৰা পৰিচালিত Cloudtail কোম্পানীৰ পৰা ৫.৫ নিযুত পাউণ্ড কৰ লাভ কৰিবলগীয়া আছে। বিগত ৪ বছৰ ধৰি এই বৃহৎ পৰিমাণৰ কৰ বকেয়াই দেশৰ ব্যানিজ্যিক আইনৰ চকুত ধূলি দি আহিছে! তথ্য অনুসৰি কোম্পানীটোৱে শেহতীয়াকৈ সেৱা কৰ সম্পৰ্কীয় বিষয়ৰ বাবে সূত আৰু জৰিমনাক লৈ দেশৰ সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয় (Directorate General of Goods and Service Tax Intelligence)ৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰ কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰিছে।
অৱশ্যে, শুল্কৰ বকেয়া কেনেদৰে হৈছিল সেয়া এতিয়াও সঠিকভাৱে জনা হোৱা নাই। সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে কৈছিল যে বিষয়টোৰ তদন্ত চলি থকাৰ বাবে এতিয়া এই সন্দৰ্ভত কোনো মন্তব্য দিয়া নহ'ব।
এই সম্পৰ্কত এতিয়াও বিতং তথ্য জানিব পৰা হোৱা নাই। লগতে সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱা সঞ্চালকালয়ে বিষয়টোৰ তদন্ত চলি থকাৰ বাবে এতিয়া এই সন্দৰ্ভত কোনো মন্তব্য দিয়া নহ'ব বুলি উল্লেখ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|