உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • পিতৃয়ে এনেকুৱা আজৱ নাম ৰাখিলে পুত্ৰৰ, চাৰ্টিফিকেট নেদেখুৱালে বিশ্বাসেই নকৰে কোনেও!

    পিতৃয়ে এনেকুৱা আজৱ নাম ৰাখিলে পুত্ৰৰ, চাৰ্টিফিকেট নেদেখুৱালে বিশ্বাসেই নকৰে কোনেও!

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও ইণ্ডোনেছিয়াৰ এজন লোকে নিজৰ সন্তানৰ নাম ABCDEF GHIJK Zuzu ৰাখি চৰ্চিত হৈছিল।

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও ইণ্ডোনেছিয়াৰ এজন লোকে নিজৰ সন্তানৰ নাম ABCDEF GHIJK Zuzu ৰাখি চৰ্চিত হৈছিল।

    উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও ইণ্ডোনেছিয়াৰ এজন লোকে নিজৰ সন্তানৰ নাম ABCDEF GHIJK Zuzu ৰাখি চৰ্চিত হৈছিল।

    • Share this:
    কেতিয়াবা নিজৰ সন্তানৰ নাম পৃথক ধৰণৰ ৰাখিবলৈ গৈ পিতৃ–মাতৃয়ে ইমানেই কঠিন নাম ৰাখি দিয়ে যে সেই নামেৰে মাতিবলৈও অসুবিধা হয়। আজিকালি সন্তানৰ নাম ৰাখিবলৈ ইণ্টাৰনেটো ব্যৱহাৰ কৰে বহুতেই। ইণ্ডোনেছিয়াত এজন পিতৃয়ে নিজৰ সন্তানৰ এনেকুৱা আজৱ নাম ৰাখিলে যে সেয়া প্ৰমাণ কৰিবলৈ দেখুৱাবলগীয়া হয় জন্মৰ প্ৰমাণপত্ৰ।

    ইণ্ডোনেছিয়াৰ বাসিন্দা ৩৮ বছৰীয়া ছমেট ৱাহুদীয়ে ষ্টেটিষ্টিকেল ইনফৰ্মেচন কমিউনিকেচন অফিচত (Statistical Information Communication Office) কাম কৰে। তেওঁ নিজৰ কাম আৰু বিভাগক খুবেই শ্ৰদ্ধা কৰে। এই কথা তেওঁৰ জীৱন সংগীয়েও জানে। কিন্তু তেওঁ এই কথা নাজানিছিল যে স্বামীয়ে এই বিভাগৰ নামেৰে পুত্ৰৰ নামো ৰাখিব।

    READ| ৩৩ বছৰ বয়সৰ এগৰাকী সুন্দৰী মহিলা ! কিন্তু তেওঁ এতিয়াও বিচনাত প্ৰস্ৰাৱ কৰে, কাৰণ ...

    ছমেট ৱাহুদীয়ে নিজৰ চাকৰি আৰু কাৰ্যালয়ৰ প্ৰতি ইমানেই শ্ৰদ্ধাশীল আছিল যে তেওঁ নিজৰ সন্তানৰ নাম নিজৰ বিভাগৰ নামেৰে ৰাখি দিয়ে। সন্তান জন্মৰ পূৰ্বে তেওঁ ল’ৰা হ’ব নে ছোৱালী, তাক লৈ চিন্তিত নহয়, কেৱল এয়া নিশ্চিত কৰা হৈছিল যে নাম Statistical Information Communication Office হ’ব। যেতিয়া তেওঁৰ পুত্ৰ সন্তান জন্ম হ’ল তেতিয়া তেওঁৰ নাম ষ্টেটিষ্টিকেল ইনফৰ্মেচন কমিউনিকেচন ৰখা হয়। এতিয়া য’লৈকে যায় তাতেই তেওঁ সন্তানৰ নাম প্ৰমাণ কৰিবলৈ জন্মৰ প্ৰমাণপত্ৰ দেখুৱাবলগীয়া হয়। অন্যথা এনেকুৱাও যে নাম থাকিব পাৰে সেয়া বিশ্বাসত নলয় কোনেও।

    ষ্টেটিষ্টিকেল ইনফৰ্মেচন কমিউনিকেচনৰ উপনাম ৰখা হৈছে ডিংকো। উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও ইণ্ডোনেছিয়াৰ এজন লোকে নিজৰ সন্তানৰ নাম ABCDEF GHIJK Zuzu ৰাখি চৰ্চিত হৈছিল।
    Published by:Sanjay Kumar Das
    First published: