সন্তানৰ নাম ‘Google’ ৰাখি পালে আটাইতকৈ শক্তিশালী নামৰ পুৰস্কাৰ

এণ্ডী সুপুত্ৰাৰ পত্নীয়ে ৮ মাহ পূৰ্বে জন্ম দিছিল এটি সন্তান। এণ্ডী সুপুত্ৰাই নিজৰ সন্তানৰ নামটো কিছু ব্যতিক্ৰমী ৰাখিব বিচাৰিছিল।

News18-Assam
Updated:June 30, 2019, 12:17 PM IST
সন্তানৰ নাম ‘Google’ ৰাখি পালে আটাইতকৈ শক্তিশালী নামৰ পুৰস্কাৰ
এণ্ডী সুপুত্ৰাৰ পত্নীয়ে ৮ মাহ পূৰ্বে জন্ম দিছিল এটি সন্তান। এণ্ডী সুপুত্ৰাই নিজৰ সন্তানৰ নামটো কিছু ব্যতিক্ৰমী ৰাখিব বিচাৰিছিল।
News18-Assam
Updated: June 30, 2019, 12:17 PM IST
কাৰোবাৰ জীৱনত নামৰ কিমান গুৰুত্ব থাকে সেয়া অনুমান কৰিব পাৰি এটি ৮ মহীয়া শিশুৱে লাভ কৰা পুৰস্কাৰৰ দ্বাৰা। ইণ্ডোনেছিয়াত এহাল দম্পতীয়ে নিজৰ সন্তানৰ নাম ৰাখিছিল গুগল। এই শিশুটিয়ে লাভ কৰিলে ‘ৱৰ্ল্ডছ ষ্টংগেষ্ট নেম’ পুৰস্কাৰ। শিশুটিৰ নামটো বিশ্বৰ আটাইতকৈ শক্তিশালী নাম আখ্যা দিয়া হৈছে। গুগলৰ পিতৃ–মাতৃয়ে নিজৰ সন্তানক নেতা বনাব বিচাৰে।

ইণ্ডোনেছিয়াৰ বাসিন্দা এণ্ডী সুপুত্ৰাৰ পত্নীয়ে ৮ মাহ পূৰ্বে জন্ম দিছিল এটি সন্তান। এণ্ডী সুপুত্ৰাই নিজৰ সন্তানৰ নামটো কিছু ব্যতিক্ৰমী ৰাখিব বিচাৰিছিল। এটা ভাল নামৰ বাবে বহু লোকৰ পৰামৰ্শ লৈছিল তেওঁ। ইয়াৰ বাবে তেওঁ কোৰানৰো সহায় লৈছিল। কিন্তু কোনো নামেই তেওঁৰ পছন্দ নহ’ল। পিছত তেওঁ ভাবিলে যে তেওঁ সন্তানৰ নাম প্ৰযুক্তিবিদ্যাৰ ওপৰত ৰাখিব।

ইয়াৰ বাবে তেওঁ উইনড’জ, আই অ’ এছ, আইফোন আৰু মাইক্ৰ’ছফ্টৰ দৰে নাম চিন্তা কৰিলে। এই সকলো নাম বাতিল কৰি শেষত সন্তানৰ নাম ৰাখিলে গুগল। এণ্ডীৰ মতে এই শব্দটো বিশ্বৰ আটাইতকৈ বেছি ব্যৱহৃত হয় আৰু দিনটোত কেইবা কোটিৰো অধিক ব্যৱহৃত হয়। সেইবাবেই তেওঁ সন্তানৰ নাম ৰাখিলে গুগল।

এণ্ডীক যেতিয়া তেওঁৰ সন্তানৰ উপাধিৰ বিষয়া সোধা হ’ল তেতিয়া তেওঁ কয় যে মই ‘গুগল’ৰ সৈতে কোনো শব্দ ব্যৱহাৰ কৰি তাক দুৰ্বল কৰিব বিচৰা নাই। মই বিচাৰো গুগলৰ দৰেই মোৰ পুত্ৰয়ো সকলোকে সহায় কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি