উদ্ধাৰ হৈছে শৰীৰৰ বিভিন্ন অংগ! বিমান দুৰ্ঘটনাৰ ২৪ ঘণ্টাৰ পিছত হাহাকাৰ জাকাৰ্টাত

স্থানীয় সংবাদ মাধ্যমে জনাইছে যে, মাছ মৰীয়াই সাগৰত শনিবাৰে বিয়লি ধাতুৰ টুকুৰা দেখা পায়। যিবোৰ বিমানৰ অংশ বুলি অনুমান কৰা হৈছে।
স্থানীয় সংবাদ মাধ্যমে জনাইছে যে, মাছ মৰীয়াই সাগৰত শনিবাৰে বিয়লি ধাতুৰ টুকুৰা দেখা পায়। যিবোৰ বিমানৰ অংশ বুলি অনুমান কৰা হৈছে।
- News18 Assam
- Last Updated: January 10, 2021, 2:57 PM IST
ইণ্ডোনেছিয়াৰ পৰিবহণমন্ত্ৰী বুড়ি কাৰায়া সুমাদীয়ে সাংবাদিকৰ আগত জনাই যে, উদ্ধাৰকাৰীয়ে দুৰ্ঘটনাৰ সাম্ভাব্য স্থান নিশ্চিত কৰাৰ পিছত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। বিমান সংস্থাৰ বিবৃতি অনুসৰি, বিমানখন ইন্দোনেছিয়াৰ জাকাৰ্টাৰ পৰা পশ্চিম কালিমন্থান প্ৰদেশৰ ৰাজধানী পণ্টিয়ানাৰ অভিমুখে গৈছিল। প্ৰায় ৯০ মিনিটৰ ভিতৰত গন্তব্য স্থান পোৱাৰ কথা আছিল। বিমানখনত ৫০ জন যাত্ৰীৰ উপৰিও ১২ জন বিমান কৰ্মী আছিল। সকলো আছিল ইণ্ডোনেছিয়াৰ নাগৰিক।
পৰিবহণমন্ত্ৰীয়ে লগতে জনাইছে যে, উত্তৰ জাকাৰ্টাৰ লাঞ্চাং অঞ্চল আৰু লাকি দ্বীপপুঞ্জৰ মাজত সন্ধান আৰু উদ্ধাৰ অভিযান চলাবলৈ যুদ্ধ জাহাজসহ প্ৰায় ১২ খন জাহাজ মোতায়েন কৰা হৈছে।