ভাৰতত ধৰা পৰা কোৰোণাৰ নতুন প্ৰকাৰৰ ডেল্টা প্লাছে সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি কৰা দেখা গৈছে। ডেল্টা প্লাছে ভাৰতৰ সীমা পাৰ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কমেও নখন দেশলৈ বিয়পি পৰাৰ খবৰ পোৱা গৈছে। জনস্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰে যে এই অত্যন্ত সংক্ৰামক প্ৰকাৰে কোৰোণা মহামাৰী শেষ কৰাৰ প্ৰক্ৰিয়াটো বিলম্বিত কৰিব পাৰে।
কোৰোণাৰ ডেল্টা প্লাছ যোৱা এপ্ৰিলত ভাৰতত চিনাক্ত কৰা হৈছিল। যোৱা মঙলবাৰলৈকে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশৰ ছখন জিলাত এই ৰোগত আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে। আনহাতে ই কেৱল ভাৰতেই নহয় দেশৰ সীমাৰ বাহিৰতো বিয়পিবলৈ আৰম্ভ কৰিছে। সংবাদ সংস্থা বিবিচিয়ে জনাইছে যে এতিয়ালৈকে ভাৰতৰ উপৰি এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ আন নখন দেশলৈ ডেল্টা প্লাছ প্ৰকাৰ বিয়পি পৰাৰ খবৰ পোৱা গৈছে।
দেশবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউ কে, পৰ্তুগাল, চুইজাৰলেণ্ড, জাপান, পোলেণ্ড, নেপাল, ৰাছিয়া আৰু চীন। বিশেষজ্ঞসকলৰ মতে, কোৰোণাৰ ডেল্টা প্লাছ প্ৰকাৰৰ বিষয়ে বেছি তথ্য হাতত এতিয়াও পৰা নাই। আন প্ৰকাৰৰ তুলনাত কোৰোনাৰ নতুন প্ৰকাৰ কিমান দ্ৰুতগতিত বিয়পে তাৰ হিচাপ এতিয়াও জানিব পৰা নাই যদিও ই সম্প্ৰতি কোৰোণাৰ মাৰাত্মক প্ৰকাৰ ৰূপে চিনাক্ত কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থায়ো কোৰোণাৰ এই প্ৰকাৰটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলে আশংকা কৰা মতে, ইয়াৰ ফলত বিভিন্ন দেশত কোৰোণাৰ আন এক নতুন ঢৌ আহিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|