এতিয়াৰ পৰা এইকেইখন দেশলৈ যাবলৈ ভাৰতীয় লোকক নালাগে ভিছা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আৰু ১৪ নবেম্বৰত ব্ৰাজিলত হ’বলগীয়া BRICS ৰ সন্মীলনত ভাগ লোৱাৰ প্ৰাকমুহূৰ্তত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ বিশেষ ঘোষণা।

News18-Assam
Updated:October 25, 2019, 10:55 PM IST
এতিয়াৰ পৰা এইকেইখন দেশলৈ যাবলৈ ভাৰতীয় লোকক নালাগে ভিছা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আৰু ১৪ নবেম্বৰত ব্ৰাজিলত হ’বলগীয়া BRICS ৰ সন্মীলনত ভাগ লোৱাৰ প্ৰাকমুহূৰ্তত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ বিশেষ ঘোষণা।
News18-Assam
Updated: October 25, 2019, 10:55 PM IST
ভিছা অবিহনেই কৰক বিদেশ ভ্ৰমণ! কাৰণ বিশ্বৰ প্ৰায় ২০ খন দেশে ভিচা নোহোৱাকৈ ভাৰতীয় লোকক দিছে ভ্ৰমণৰ সুবিধা। শেহতীয়াকৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় লোকৰ বাবে কৰিছে এক বিশেষ ঘোষণা।

ইয়াৰ আগতেও চুবুৰীয়া দেশ নেপাল আৰু ভূটান ভ্ৰমণ কৰিবলৈ ভাৰতীয় লোকক প্ৰয়োজন নহয় ভিছাৰ। ভাৰতবৰ্ষৰ লগত আৰ্থিক আৰু সাংস্কৃতিক সমন্ধৰ হেতু লেটিন আমেৰিকাৰ কেইখনমান দেশ আৰু ইউৰোপৰ সেইখনমান দেশেও ভাৰতীয় লোকক ভিছা নোহোৱাকৈ তেওঁলোকৰ দেশত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বৰ্তমান সময়ত ২০ খন এনে দেশ আছে, য’ত প্ৰৱেশ কৰিবৰ বাবে ভাৰতীয় লোকক প্ৰয়োজন নহয় ভিছা। তাৰে ভিতৰত উল্লেখযোগ্য হ’ল, ব্ৰাজিল, ত্ৰিনিডাড এণ্ড টোবেক, পেলেষ্টাইন, জমাইকা, মকাও, ইণ্ডোনেছিয়া, চেনেগল ইত্যাদি।

 
আৰু চাওক পৰৱৰ্তী বাতৰি