ইউক্ৰেইনত (Ukraine) গুলীবিদ্ধ হ’ল আৰু এজন ভাৰতীয় ছাত্ৰ (Indian Students in Ukriane)। কিভ এৰি ওলাই অহাৰ সময়তে গুলীবিদ্ধ হয় ছাত্ৰজন। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন প্ৰতিমন্ত্ৰী ভি কে সিঙে সংবাদ মাধ্যমক এই খবৰ জনাইছে। ভি কে সিঙে জনাইছে, গুলীবিদ্ধ ছাত্ৰজনক উদ্ধাৰ কৰি কিভৰ (Kyiv) এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ইয়াৰ পূৰ্বে নবীন শেখৰাপ্পা নামৰ কৰ্ণাটকৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ ৰাছিয়াৰ আক্ৰমণত মৃত্যু হয়। ভি কে সিঙে কয়, আহত ছাত্ৰজনৰ চিকিৎসা চলি আছে। এতিয়া আমাৰ লক্ষ্য ন্যূনতম ক্ষয়ক্ষতিৰ মাজেৰে যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয়সকলক উদ্ধাৰ কৰা।
ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক ৰোমানিয়া, পোলেণ্ড আদি প্ৰতিৱেশী দেশসমূহেৰে ওভতাই অনা হৈছে। পোলেণ্ড, ৰোমানিয়া সীমান্তত ভাৰতীয়সকলে আতিশয্যৰ মুখামুখি হৈছে বুলিও অভিযোগ উঠিছে। ইতিমধ্যে, কিভ, খাৰকিভৰ দৰে ইউক্ৰেইনৰ আটাইতকৈ ডাঙৰ দুই চহৰৰ পৰা ভাৰতীয়সকলক ওলাই অহাৰ পৰামৰ্শ দিয়া হৈছে। কিন্তু যুদ্ধসদৃশ পৰিস্থিতিৰ মাজেৰে প্ৰতিৱেশী দেশসমূহৰ সীমান্তত উপস্থিত হোৱাটো ভাৰতীয়সকলৰ বাবে কঠিন হৈ পৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 04, 2022, 11:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|