বিমানৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে খেলিছিল লটাৰী, ভাৰতৰ এইগৰাকী শিক্ষয়িত্ৰীয়ে জিকিলে ১০ লাখ ডলাৰ!

News18 Assam | News18-Assam
Updated:July 17, 2020, 12:24 AM IST
বিমানৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে খেলিছিল লটাৰী, ভাৰতৰ এইগৰাকী শিক্ষয়িত্ৰীয়ে জিকিলে ১০ লাখ ডলাৰ!
মহিলাগৰাকীয়ে ক’লে – এই ধন অযথা কামত খৰচ নহয়, মানুহৰ মংগলৰ বাবেই ব্যৱহাৰ কৰিব।

মহিলাগৰাকীয়ে ক’লে – এই ধন অযথা কামত খৰচ নহয়, মানুহৰ মংগলৰ বাবেই ব্যৱহাৰ কৰিব।

  • Share this:
ডুবাই বিমানবন্দৰত বহি নিজৰ বিমানৰ বাবে অপেক্ষা কৰিছিল ডুবাইৰ বাসিন্দা এগৰাকী শিক্ষয়িত্ৰীয়ে। বিমানবন্দৰত সময় পাৰ কৰিবলৈ খেলিলে লটাৰী। Dubai Duty Free (DDF) ৰাফেল ড্ৰ’ত শিক্ষয়িত্ৰীগৰাকীয়ে জিকিলে ১০ লাখ মাৰ্কিন ডলাৰ। ডুবাই বিমানবন্দৰৰ টাৰ্মিনেল–২ত হয় অনলাইন লটাৰী।

এই ধন জিকাৰ পিছতে উল্লাসিত মহিলাগৰাকীয়ে কয়, তেওঁ এইদৰে ইমান ধন জিকিব বুলি ভৱাই নাছিল। বিমানবন্দৰত ভাৰতলৈ ওভতাৰ বাবে অপেক্ষা কৰিছিল মহিলাগৰাকীয়ে, তাত পৰিয়ালক কিছু আৰ্থিক সাহায্য কৰাৰ কথা ভাবিছিল। এই টকাৰে মহিলাগৰাকীয়ে সেই কাম কৰিব পাৰিব বুলি কয়। তাৰ লগতে মহিলাগৰাকীয়ে যিখন স্কুলত শিক্ষকতা কৰে, সেই স্কুলখন আৰু ভালকৈ নিৰ্মাণ কৰিব পাৰিব বুলিও ক’লে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে ক’লে – এই ধন অযথা কামত খৰচ নহয়, মানুহৰ মংগলৰ বাবেই ব্যৱহাৰ কৰিব। এই Dubai Duty Free (DDF)ৰ জৰিয়তে এইপৰ্যন্ত ১৬৫জন ভাৰতীয়ই ধন জিকিছে। লটাৰী কৰ্তৃপক্ষই জনায় যে ভাৰতীয়সকলেই এই লটাৰীত অধিক অংশগ্ৰহণ কৰে।
Published by: Sanjay Kumar Das
First published: July 17, 2020, 12:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading