বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / বিশ্ব / ইউকেৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি চুনাকক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

ইউকেৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি চুনাকক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

ইউকেৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি চুনাকক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ সৈতে গোলকীয় বিষয়ত ঘনিষ্ঠভাৱে কাম কৰিবলৈ বাট চাই আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ঋষি চুনাক ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মূলৰ ঋষিক অভিনন্দন জনায় আৰু ব্ৰিটেইনৰ ভাৰতীয়সকলৰ ‘জীৱন্ত দলং’লৈ দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ সৈতে গোলকীয় বিষয়ত ঘনিষ্ঠভাৱে কাম কৰিবলৈ বাট চাই আছে।

‘‘আন্তৰিক অভিনন্দন ঋষি চুনাক! আপুনি ইউকেৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মই গোলকীয় বিষয়বোৰত একেলগে কাম কৰিবলৈ আৰু ৰোডমেপ ২০৩০ ৰূপায়ণ কৰিবলৈ আশাবাদী। আমি আমাৰ ঐতিহাসিক সম্পৰ্কক এক আধুনিক অংশীদাৰীত্বলৈ ৰূপান্তৰ কৰাৰ লগে লগে ইউকে ভাৰতীয়সকলৰ ‘জীৱন্ত দলং’লৈ বিশেষ দেৱালী শুভেচ্ছা জনাইছো।’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে কয়।

বিজ্ঞাপন

 উল্লেখ্য যে, প্ৰাক্তন হেজ ফাণ্ড মেনেজাৰ তথা ইনফোচিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ জোৱাঁই ঋষি চুনাকে কয় যে নেতা নিৰ্বাচিত হোৱাৰ বাবে তেওঁ “বিনম্ৰ আৰু সন্মানিত”। ৪২ বছৰীয়া চুনাক হ’ল প্ৰথমগৰাকী ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী। লিজ ট্ৰাছৰ পদত্যাগৰ পিছত উদ্ভৱ হোৱা ঘটনাবোৰৰ এক নাটকীয় পৰিৱৰ্তনত, বৰিছ জনছনৰ প্ৰস্থানৰ পিছত দলৰ নেতৃত্বৰ দৌৰত বাকী থকা অন্তিম প্ৰতিদ্বন্দী পেনি মৰ্ডাণ্টে টৰী সাংসদসকলৰ পৰ্যাপ্ত মনোনয়ন লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত চুনাক দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হয়।

বিজ্ঞাপন

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনকে ধৰি বিশ্বৰ আন বহু নেতাই চুনাকক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচনৰ বাবে অভিনন্দন জনাইছে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন