মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »'Wanted to Kill Biden...': হোৱাইট হাউছত ট্ৰাকেৰে আক্ৰমণ! হাতত হিটলাৰৰ দলৰ পতাকা লোৱা চালকৰূপী ভাৰতীয় মূলৰ যুৱক গ্ৰেপ্তাৰ

'Wanted to Kill Biden...': হোৱাইট হাউছত ট্ৰাকেৰে আক্ৰমণ! হাতত হিটলাৰৰ দলৰ পতাকা লোৱা চালকৰূপী ভাৰতীয় মূলৰ যুৱক গ্ৰেপ্তাৰ

আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰিছে স্বস্তিকা সংযুক্ত হিটলাৰৰ দলৰ নাজী পতাকা।

আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰিছে স্বস্তিকা সংযুক্ত হিটলাৰৰ দলৰ নাজী পতাকা।

আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰিছে স্বস্তিকা সংযুক্ত হিটলাৰৰ দলৰ নাজী পতাকা।

  • Share this:
আমেৰিকাৰ হোৱাইট হাউছৰ চৌহদৰ বেৰত ট্ৰাকেৰে খুন্দা মৰাৰ অপৰাধত এগৰাকী ভাৰতীয় মূলৰ যুৱকক গ্ৰেপ্তাৰ কৰে দেশখনৰ আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ছাই ৱৰশ্বিট কন্দুলা নামৰ ১৯ বছৰীয়া যুৱকজনে ইচ্ছাকৃতভাৱে হোৱাইট হাউছৰ সন্মুখৰ এখন পাৰ্কৰ ৱালত খুন্দা মাৰিছল।

এখন ইউ-হল ট্ৰাকত অহা যুৱকজনে সোমবাৰে নিশা প্ৰায় ১০ বজাত ট্ৰাকেৰে চৌহদৰ উত্তৰ দিশৰ ৱালত খুন্দা মাৰে। গুৰুত্বপূৰ্ণ যে অভিযুক্ত যুৱকে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক হত্যা কৰাৰ পৰিকল্পনাৰে এই কাম কৰা বুলি স্বীকাৰোক্তি দিয়ে। তেওঁ উল্লেখ কৰে যে এই বিষয়ে তেওঁ ছমাহ আগেয়ে পৰিকল্পনা কৰিছিল আৰু সেয়া নোটবুকত লিপিবদ্ধ কৰিছিল। আৰক্ষীয়ে যুৱকজনৰ পৰা উদ্ধাৰ কৰিছে স্বস্তিকা সংযুক্ত হিটলাৰৰ সময়ৰ নাজী পতাকা (India teen plans to kill Joe Biden)।

সূত্ৰ অনুসৰি, কণ্ডুলাই নাজী পতাকা (Nazi Flag) লৈ ট্ৰাকৰ পৰা নামি আহি আৰক্ষী আৰু ছিক্ৰেট সেৱাৰ বিষয়াসকলৰ ওচৰ চাপি  শ্লোগান দিয়ে।



আমেৰিকাৰ পাৰ্ক আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত কণ্ডুলাক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি তথা পৰিয়ালৰ কোনো সদস্যক হত্যা, অপহৰণ বা ক্ষতি কৰাৰ ভাবুকি দিয়াকে ধৰি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে বিপজ্জনক অস্ত্ৰৰে আক্ৰমণ, অসাৱধানতাৰে গাড়ী চলোৱা, ফেডাৰেল সম্পত্তিৰ ক্ষতিৰ অভিযোগো উত্থাপন কৰিছে।

শেহতীয়া বাতৰি