ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জী, তেওঁৰ পত্নী ডাফেল’ আৰু মাইকেল ক্ৰেমাৰলৈ অৰ্থশাস্ত্ৰৰ নবেল

অমৰ্ত্য সেনৰ পিছত নবেল বঁটা লাভ কৰা অভিজিৎ দ্বিতীয় জন ভাৰত সন্তান।

News18-Assam
Updated:October 14, 2019, 5:24 PM IST
ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জী, তেওঁৰ পত্নী ডাফেল’ আৰু মাইকেল ক্ৰেমাৰলৈ অৰ্থশাস্ত্ৰৰ নবেল
পত্নী এস্থাৰৰ সৈতে অভিজিৎ বেনাৰ্জী।
News18-Assam
Updated: October 14, 2019, 5:24 PM IST
ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জী, তেওঁৰ পত্নী এস্থাৰ ডাফেল’ আৰু মাইকেল ক্ৰেমাৰে অৰ্থশাস্ত্ৰৰ নবেল বঁটা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে এই নবেল বঁটা প্ৰদান কৰা হৈছে। অভিজিৎ বেনাৰ্জীয়ে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।

অভিজিৎ বেনাৰ্জী আমেৰিকাৰ MITত অৰ্থশাস্ত্ৰৰ প্ৰৱক্তা। কলকাতাত জন্মগ্ৰহণ কৰা বেনাৰ্জীয়ে ১৯৮৩চনত JNUৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৯৯৮চনত অমৰ্ত্য সেনক ইক’নমিকছৰ নবেল বঁটা প্ৰদান কৰা হৈছিল।

অভিজিৎ বেনাৰ্জী আমেৰিকাৰ মাচাচুৱেটছ ইনষ্টিটিউট অৱ টেকন’লজীত অৰ্থশাস্ত্ৰৰ প্ৰফেচাৰ। বেনাৰ্জীয়ে সংযুক্ত ৰূপত আব্দুল লতিফ জমিল পভাৰ্টি একশ্যন লেবৰ প্ৰতিষ্ঠা কৰিছিল। অভিজিৎ বেনাৰ্জীৰ জন্ম ২১ ফেব্ৰুৱাৰী, ১৯৬১ত কলকাতাত হৈছিল। তেওঁৰ মাতৃ নিৰ্মলা বেনাৰ্জী কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছচিয়েল চাইন্সেজত প্ৰফেচাৰ আছিল। পিতৃ দীপক বেনাৰ্জী প্ৰেচিডেন্সী কলেজত ইক’নমিকছৰ প্ৰফেচৰ আছিল।

অভিজিৎ বেনাৰ্জীয়ে বিদ্যালয়ৰ শিক্ষা কলকাতাৰ চাউথ পইণ্ট স্কুলত কৰিছে। ইয়াৰ পিছত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে কলকাতাৰ প্ৰেচিডেন্সী কলেজ। ইয়াৰ পিছত ১৯৮৩চনত ইক’নমিকছত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ১৯৮৮চনত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।

ভাৰত সন্তান অভিজিতে বিশ্বক অৰ্থনীতিৰ দিশত বাট দেখুৱাবলৈ কেবাখনো গ্ৰন্থ লিখিছে। ইয়াৰ প্ৰথমখন কিতাপ ২০০৫চনত লিখা ভলাটিলিটি এণ্ড গ্ৰ’থ। তেতিয়াৰ পৰা এতিয়ালৈকে অভিজিত বেনাৰ্জীয়ে মুঠ সাতখন কিতাপ লিখিছে। কিন্তু তেওঁ প্ৰসিদ্ধি লাভ কৰিছে ২০১১চনত লিখা কিতাপ পুঅ’ৰ ইক’নমিকছঃ এ ৰেডিকেল ৰিথিংকিং অৱ দ্য ৱে টু ফাইট গ্ল’বেল পভাৰ্টি।
আৰু চাওক পৰৱৰ্তী বাতৰি