মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »COP26: জলবায়ু সন্মিলনত ১৪ বছৰীয়া ভাৰতীয় কন্যাৰ উদাত্ত ভাষণ, বিশ্বনেতাক শুনালে চোকা কথা, আছিল নৰেন্দ্ৰ মোদীও

COP26: জলবায়ু সন্মিলনত ১৪ বছৰীয়া ভাৰতীয় কন্যাৰ উদাত্ত ভাষণ, বিশ্বনেতাক শুনালে চোকা কথা, আছিল নৰেন্দ্ৰ মোদীও

আৰ্থশ্বট পুৰস্কাৰ (Earthshot Prize)ৰ ফাইনেলিষ্ট বিনীশা উমাশংকৰক প্ৰিন্স উইলিয়ামে জলবায়ু সন্মিলনলৈ আমন্ত্ৰণ জনায়।

আৰ্থশ্বট পুৰস্কাৰ (Earthshot Prize)ৰ ফাইনেলিষ্ট বিনীশা উমাশংকৰক প্ৰিন্স উইলিয়ামে জলবায়ু সন্মিলনলৈ আমন্ত্ৰণ জনায়।

আৰ্থশ্বট পুৰস্কাৰ (Earthshot Prize)ৰ ফাইনেলিষ্ট বিনীশা উমাশংকৰক প্ৰিন্স উইলিয়ামে জলবায়ু সন্মিলনলৈ আমন্ত্ৰণ জনায়।

  • Share this:

স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তন সন্মিলনত (COP26 Climate Change Summit) এগৰাকী ১৪ বছৰীয়া ভাৰতীয় ছোৱালীৰ ভাষণে যথেষ্ট চৰ্চা লাভ কৰিছে। তামিলনাডুৰ বিনীশা উমাশংকৰ নামৰ ছাত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তন (Climate Change) সন্দৰ্ভত কয় যে তেওঁৰ প্ৰজন্ম বৰ্তমানৰ বিশ্বনেতাসকলৰ দ্বাৰা ক্ষুব্ধ আৰু হতাশগ্ৰস্ত। কাৰণ বিশ্বৰ নেতাসকলে পৰিৱেশৰ ওপৰত ফোঁপোলা প্ৰতিশ্ৰুতি দি আহিছে।


আৰ্থশ্বট পুৰস্কাৰ (Earthshot Prize)ৰ ফাইনেলিষ্ট বিনীশা উমাশংকৰক প্ৰিন্স উইলিয়ামে জলবায়ু সন্মিলনলৈ আমন্ত্ৰণ জনায়। বিনীশাই কয় যে এতিয়া ভৱিষ্যতৰ বাবে পদক্ষেপ লোৱাৰ সময়, আলোচনাৰ বাবে নহয়। বিনীশাৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন উপস্থিত আছিল।


বিনীশা উমাশংকৰে কয়, 'আজি মই সকলো সন্মানৰ সৈতে কওঁ যে আমি যেন কথা কোৱা বন্ধ কৰোঁ আৰু কাম আৰম্ভ কৰোঁ। আৰ্থশ্বট পুৰস্কাৰৰ বিজয়ী আৰু ফাইনেলিষ্টৰ বাবে আমাৰ উদ্ভাৱন, প্ৰকল্প আৰু সমাধানক সমৰ্থন কৰাটো আপোনালোকৰ প্ৰয়োজন। আমি জীৱাশ্ম ইন্ধন, ধোঁৱা আৰু প্ৰদূষণৰ ওপৰত নিৰ্মিত অৰ্থনীতি নিবিচাৰোঁ। আমি এতিয়া পুৰণি বিতৰ্কৰ বিষয়ে চিন্তা কৰা বন্ধ কৰিব লাগিব, কিয়নো এক নতুন ভৱিষ্যতৰ বাবে আমাক এক নতুন চিন্তা আৰু দৃষ্টিভংগীৰ প্ৰয়োজন।


উল্লেখ্য, বিনীশাই সৌৰশক্তিচালিত ষ্ট্ৰীট ইস্ত্ৰী কাৰ্ট উদ্ভাৱনৰ বাবে আৰ্থশ্বট পুৰষ্কাৰৰ ফাইনেলত উপনীত হৈছিল। বিনীশাই উল্লেখ কৰে যে 'যেতিয়া জলবায়ু পৰিৱৰ্তনৰ কথা আহে, কোনো ষ্টপ বুটামৰ কাম নাথাকে। মই কাম কৰিব বিচাৰোঁ। মই কেৱল ভাৰতৰ ছোৱালী নহয়। বৰঞ্চ মই পৃথিৱীৰ ছোৱালী। মই এজন শিক্ষাৰ্থী, উদ্ভাৱক, পৰিৱেশবিদ আৰু উদ্যোগী। সকলোতকৈ ডাঙৰ কথা হল মই এগৰাকী আশাবাদী।

শেহতীয়া বাতৰি