সুদীৰ্ঘ দুই মাহৰ অন্তত ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ ৰাজধানী কিয়েভত দূতাবাস খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন ৰাষ্ট্ৰদূত হৰ্ষ কুমাৰ জৈনে অহা ১৭ মে’ তাৰিখে বন্ধ হৈ থকা ভাৰতীয় দূতাবাসৰ তলা খুলিব । শুকুৰবাৰে নতুন দিল্লীত বিদেশ মন্ত্ৰণালয়ে এই কথা ঘোষণা কৰিছে।
বিদেশ মন্ত্ৰণালয়ে পূৰ্বৰ ৰাষ্ট্ৰদূত পাৰ্থ সাতপঠিক নতুন দায়িত্ব অৰ্পণ কৰি জৈনক ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতৰ দায়িত্ব অৰ্পণ কৰিছে । উল্লেখযোগ্য যে পাৰ্থ সাতপঠিয়ে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ সময়ত দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক সুকলমে উদ্ধাৰ কৰা কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।