মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Boycott Beijing Winter Olympics: বেইজিং অলিম্পিক বৰ্জন ভাৰতীয় কূটনীতিবিদৰ, গলৱান কাণ্ডক লৈ অলিম্পিকত ৰাজনীতিকৰণ চীনৰ

Boycott Beijing Winter Olympics: বেইজিং অলিম্পিক বৰ্জন ভাৰতীয় কূটনীতিবিদৰ, গলৱান কাণ্ডক লৈ অলিম্পিকত ৰাজনীতিকৰণ চীনৰ

গলৱান উপত্যকাৰ সংঘৰ্ষত জড়িত এজন সামৰিক কমাণ্ডাৰৰ দ্বাৰা অগ্নিশিখা কঢ়িওৱাৰ সিদ্ধান্ত

গলৱান উপত্যকাৰ সংঘৰ্ষত জড়িত এজন সামৰিক কমাণ্ডাৰৰ দ্বাৰা অগ্নিশিখা কঢ়িওৱাৰ সিদ্ধান্ত

গলৱান উপত্যকাৰ সংঘৰ্ষত জড়িত এজন সামৰিক কমাণ্ডাৰৰ দ্বাৰা অগ্নিশিখা কঢ়িওৱাৰ সিদ্ধান্ত

  • Share this:
আগন্তুক বেইজিং অলিম্পিক বৰ্জন কৰিছে ভাৰতীয় কূটনীতিবিদসকলে। চীনৰ বেইজিং শীতকালীন অলিম্পিক বৰ্জন কৰাৰ বিষয়ে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে। সূত্ৰ অনুসৰি, চীনে এই অলিম্পিকত গলৱান উপত্যকাৰ সংঘৰ্ষত জড়িত এজন সামৰিক কমাণ্ডাৰক অগ্নিশিখা কঢ়িওৱাৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লৈছিল (China making Galwan soldier torchbearer)। ভাৰতীয় কূটনীতিবিদসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বেইজিং অলিম্পিক (Beijing Winter Olympics) বৰ্জনৰ সিদ্ধান্ত লয়। চীনে গলৱান উপত্যকাৰ সংঘৰ্ষত জড়িত এজন সামৰিক কমাণ্ডাৰৰ দ্বাৰা অগ্নিশিখা কঢ়িওৱাৰ সিদ্ধান্ত বিশ্বব্যাপী গালৱান উপত্যকাৰ বিবাদ বিয়পোৱাৰ ষড়যন্ত্ৰ ৰূপে আখ্যা দিয়ে ভাৰতীয় কূটনীতিবিদসকলে।

এই সমগ্ৰ বিষয়টোত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে চীনে অলিম্পিকৰ ৰাজনীতি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, বেইজিঙত ভাৰতৰ কাৰ্যকৰী ৰাষ্ট্ৰদূতে অলিম্পিকৰ উদ্বোধনী বা সমাপ্তিত অংশগ্ৰহণ নকৰিব।

ক্যুই ফেবাও (Qi Fabao)ক অগ্নিশিখা কঢ়িওৱাৰ দায়িত্ব দিয়াৰ পিছত ইউএনএছচিত এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত ভাৰতে নিজৰ স্থিতি আগবঢ়াইছিল। ভাৰতে কৈছিল যে ভাৰতে আৰম্ভণিৰে পৰা গলৱান উপত্যকা অঞ্চলত শান্তি স্থাপনৰ বাবে ৰাজনৈতিক আৰু সামৰিক পৰ্যায়ত আলোচনা কৰি আহিছে, যাতে দুয়োখন দেশৰ মাজত শান্তিপূৰ্ণ সমাধান বিচাৰি উলিয়াব পৰা যায়।

চীনৰ সিদ্ধান্তক লৈ ভাৰতে শক্তিশালী স্থিতি গ্ৰহণ কৰা দেখা গৈছে। আনহাতে, আমেৰিকাই গলৱান বিতৰ্কক লৈ অলিম্পিকত ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন কৰিছে চীনৰ বিৰুদ্ধে। গালৱান বিবাদৰ সময়ত ফেবাওৰ মূৰত আঘাত লাগিছিল। এই ঘটনাৰ পিছত চীনৰ চৰকাৰী বাতৰি কাকতে ফেবাওক নায়ক হিচাপে বৰ্ণনা কৰিছিল।

শেহতীয়া বাতৰি