পাকিস্তান, ৰাছিয়া, চীনকে ধৰি ৮খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা “Joint Statement”ত ভাৰতেও স্বাক্ষৰ কৰে।
পাকিস্তান, ৰাছিয়া, চীনকে ধৰি ৮খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা “Joint Statement”ত ভাৰতেও স্বাক্ষৰ কৰে।
মাৰণাস্ত্ৰৰ জোৰত শাসনৰ গাদী দখল কৰা তালিবানৰ সৈতে কূটনৈতিক আৰু অৰ্থনৈতিক সম্বন্ধ আৰম্ভ কৰাৰ দিশত ক্ৰমাত অগ্ৰসৰ হৈছে ভাৰত। আফগানিস্তানৰ এই নতুন বাস্তৱক পাকিস্তান, চীন, ৰাছিয়া আদিৰ সৈতে এক প্ৰকাৰ স্বীকৃতি প্ৰদান কৰিছে ভাৰতেও। দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ‘দ্য হিন্দু’ৰ আজিৰ সংস্কৰণত উল্লেখ কৰা মতে, বিদেশ মন্ত্ৰণালয়ত পাকিস্তান-ইৰাণ-আফগানিস্তান পৰিক্ৰমাৰ যুটীয়া সচিব জে পি সিঙে বুধবাৰে মস্কোত তালিবান উপ–প্ৰধানমন্ত্ৰী আব্দুল চালাম হানাফিক সাক্ষাৎ কৰে আৰু বুজন সংখ্যক মানৱীয় সাহায্য প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।
পিছত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী তথা তালিবানৰ মুখপাত্ৰ যাবিহোল্লা মোজাহিদে টুইটযোগে এই সাক্ষাতৰ কথা সদৰী কৰে। তেওঁ কয় – “দুই পক্ষই কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে আৰু সেয়ে ভাৰত অৱশেষত আফগানিস্তানত মানৱীয় সাহায্য প্রদান কৰিবলৈ প্ৰস্তুত হয়।’’
অন্যহাতে, পাকিস্তান, ৰাছিয়া, চীনকে ধৰি ৮খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা “Joint Statement”ত ভাৰতেও স্বাক্ষৰ কৰে। স্বাক্ষৰ পত্ৰৰ যোগেদি এই ৮খন ৰাষ্ট্ৰই আফগানিস্তানক সন্ত্ৰাসবাদী সংগঠনসমূহক আশ্ৰয় নিদিবলৈ সকীয়াই দিয়ে। লগতে সামগ্ৰিক চৰকাৰ চলাবলৈ আৰু চুবুৰীয়া দেশৰে বন্ধুত্বপূৰ্ণ সম্বন্ধ বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
ভাৰতৰ স্বাক্ষৰিত পত্ৰত আন্তঃৰাষ্ট্ৰীয় সমুদায়ে তালিবানক স্বীকৃতি প্ৰদান নকৰিলেও আফগানিস্তানৰ নতুন বাস্তৱ অনুধাৱন কৰি তেওঁলোকৰ সৈতে এক ব্যৱহাৰিক যোগসূত্ৰ স্থাপন কৰাটো সময়ৰ আহ্বান বুলিও উল্লেখ কৰা হয়।
যোৱা কেইবামাহ ধৰি কাটাৰত ভাৰতৰ উচ্চ আয়ুক্তই ডোহাত তালিবানৰ প্ৰতিনিধিৰ সৈতে বহু কেইলানি আলোচনাত মিলিত হৈছিল। কিন্তু এই প্ৰথমবাৰৰ বাবে বিদেশ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই ভাৰতক প্ৰতিনিধিত্ব কৰি আফগানিস্তান সম্বন্ধীয় এনে আলোচনাত মিলিত হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|