পাকিস্তানৰ দাবী নস্যাৎ ভাৰতীয় সেনাৰ, ৫ সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ মিছা

News18-Assam
Updated:August 16, 2019, 9:47 AM IST
পাকিস্তানৰ দাবী নস্যাৎ ভাৰতীয় সেনাৰ, ৫ সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ মিছা
পাকিস্তানী সেনাৰ গুলীত ৫জন ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা বুলিও দাবী কৰিছিল টুইটাৰত।

পাকিস্তানী সেনাৰ গুলীত ৫জন ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা বুলিও দাবী কৰিছিল টুইটাৰত।

  • Share this:
বৃহস্পতিবাৰে সীমান্তত ৫ ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা বুলি পাকিস্তানে কৰা দাবী নস্যাৎ কৰিছে ভাৰতীয় সেনাই। পাকিস্তানৰ এই দাবী মিছা বুলি মন্তব্য কৰিছে ভাৰতীয় সেনাই। ইফালে, পাকিস্তান সেনাই নিজেই স্বীকাৰ কৰিছে যে ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে পাকিস্তানৰ তিনিজন জোৱান।

ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে পাকিস্তানে টুইটাৰযোগে দাবী কৰিছিল যে ভাৰতৰ ফালৰ পৰা যুদ্ধবিৰতি চুক্তি উলংঘা কৰা হৈছে, য’ত পাকিস্তানৰ তিনিজন সেনা জোৱান নিহত হৈছে। ইফালে পাকিস্তানী সেনাৰ গুলীত ৫জন ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা বুলিও দাবী কৰিছিল টুইটাৰত।



ভাৰতীয় সেনাই পাকিস্তানৰ এই দাবী নস্যাৎ কৰিছে।



উল্লেখযোগ্য যে পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি বৃহস্পতিবাৰে কৃষ্ণা ঘাটি ছেক্টৰত পুৱা ৭ বজাৰ পৰা গুলীবৰ্ষণ কৰিছিল। ভাৰতীয় সেনায়ো দিছিল উচিত প্ৰত্যুত্তৰ। পাকিস্তানৰ ফালৰ পৰা সন্ধিয়া ৭ বজাত বন্ধ কৰা হৈছিল গুলীচালনা।
First published: August 16, 2019, 9:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading