ভাৰতীয় সেনাৰ আক্ৰমণত ৩৫ পাকিস্তানী সন্ত্ৰাসবাদী নিহত, চাৰিটা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস

ইফালে, পাক সেনাৰ গুলীবৰ্ষণত ৯জন ভাৰতীয় জোৱান শ্বহীদ হোৱা বুলি দাবী পাকিস্তানৰ।

News18-Assam
Updated:October 20, 2019, 3:24 PM IST
ভাৰতীয় সেনাৰ আক্ৰমণত ৩৫ পাকিস্তানী সন্ত্ৰাসবাদী নিহত, চাৰিটা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস
ইফালে, পাক সেনাৰ গুলীবৰ্ষণত ৯জন ভাৰতীয় জোৱান শ্বহীদ হোৱা বুলি দাবী পাকিস্তানৰ।
News18-Assam
Updated: October 20, 2019, 3:24 PM IST
পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই।  ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হৈছে ৩৫ পাকিস্তানী জেহাদী।  লগতে ভাৰতীয় সেনাই ধ্বংস কৰিছে চাৰিটাকৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি। Network18 এ লাভ কৰা চৰকাৰী তথ্য অনুসৰি আক্ৰমণত ছগৰাকী পাকিস্তানী সেনাৰো মৃত্যু হয়। আক্ৰমণত দুজন ভাৰতীয় সেনা আৰু সাধাৰণ লোকৰো মৃত্যু হয়।



জম্মু–কাশ্মীৰৰ তংগধাৰত পাকিস্তানৰ ফালৰ পৰা কৰা গুলীচালনাত দুই ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ভাৰতীয় সেনা। পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ। চাৰিটাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনা চলালে আক্ৰমণ। এই আক্ৰমণত পাকিস্তানী সেনাৰ ৪–৫ জোৱান নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে। ভাৰতীয় সেনাৰ আক্ৰমণত ধ্বংস হয় সন্ত্ৰাসবাদীৰ কেম্পো।



ইফালে, পাক সেনাৰ গুলীবৰ্ষণত ৯জন ভাৰতীয় জোৱান শ্বহীদ হোৱা বুলি দাবী পাকিস্তানৰ। ভাৰতীয় সেনাৰ গুলীত এজন পাকিস্তানী সেনাৰ মৃত্যু হোৱা বুলিও স্বীকাৰ কৰিছে পাকিস্তানে। অৱশ্যে এই দাবী এতিয়াও আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই। পাকিস্তান আৰু ভাৰতৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ সৈতে বৈঠকত বহিছিল। প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ ওপৰত নজৰ ৰাখিছে আৰু সেনা প্ৰধানক ঘটনাৰ সৈতে জড়িত সকলো তথ্য দিবলৈ কৈছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি