Icc World Cup 2019:শ্ৰীলংকাৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ

News18-Assam
Updated:July 7, 2019, 7:45 AM IST
Icc World Cup 2019:শ্ৰীলংকাৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ
ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে মাৰিলে বিজয়ৰ হাঁহি

ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে মাৰিলে বিজয়ৰ হাঁহি

  • Share this:
শণিবাৰে অনুষ্ঠিত হোৱা ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিশ্বকাপৰ হাইভল্টেজ মেচখনত সহজ জয় সাব্যস্ত কৰিলে ভাৰতে। অপেনাৰ দ্বয় ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে হেলাৰঙে অতিক্ৰম কৰে শ্ৰীলংকাই বান্ধি দিয়া লক্ষ্য।

টছত জিকি প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ৭ টা উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্ৰহ কৰে।  শ্ৰীলংকাৰ হৈ এঞ্জেলো মেথিউজৰ ১১৩ ৰানৰ বৰঙণি আৰু লাহিৰু থিৰিমানে সংগ্ৰহ কৰে ৫৩ ৰান। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে দখল কৰে ৩টা উইকেট আৰু পাণ্ডিয়া, জাডেজা, কূলদ্বীপ যাদৱ আৰু ভূৱনেশ্বৰ কুমাৰে দখল কৰে এটাকৈ।

তাৰ প্ৰত্যুত্তৰত ভাৰতে ২৬৫ ৰানৰ লক্ষ্য ৪৩.৩ অভাৰতে ৩ টা উইকেট হেৰুৱাই অতিক্ৰম কৰে। ভাৰতৰ অপেনাৰদ্বয়ই সুন্দৰ বেটিঙেৰে সহজ কৰি তুলে ভাৰতীয় দলৰ বিজয়। মেচখনত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ক্ৰমে ১০৩ আৰু ১১১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে।অধিনায়ক বিৰাট কোহলীয়ে ৩৪ ৰানত অপৰাজিত থাকে।

মেচখনত ৰোহিত শৰ্মাই অভিলেখ গঢ়ি বিশ্বকাপত পঞ্চমটো শতক অৰ্জন কৰে। বিশ্বকাপৰ ইতিহাসত ৰোহিত শৰ্মাই হৈছে সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন। ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল কুমাৰ ছাংগাকাৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading