দ্বিতীয় টি–২০ ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়

ডি এল পদ্ধতিত ভাৰতে ২২ ৰানত পৰাস্ত কৰে ৱেষ্ট ইণ্ডিজ দলক

News18-Assam
Updated:August 5, 2019, 7:46 AM IST
দ্বিতীয় টি–২০ ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়
Source-Google
News18-Assam
Updated: August 5, 2019, 7:46 AM IST
ভাৰতীয় দল বৰ্তমান ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ব্যস্ত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনি খন টি–২০ শৃংখলাত ভাগ লৈছে ভাৰতীয় দলে। প্ৰথমখন টি–২০ মেচত ভাৰতে জয়লাভ কৰাৰ পিছত দেওবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় খন টি–২০ মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সহজ জয় অৰ্জন কৰে বিৰাট কোহলী নেতৃত্বাধীন দলটোৱে।

মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি অপেনাৰ ৰোহিত শৰ্মাৰ দৰ্শনীয় বেটিঙৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেট হেৰুৱাই  ১৬৭ ৰান সংগ্ৰহ কৰে। ৰোহিত শৰ্মাৰ উপৰিও ভাৰতৰ হৈ অধিনায়ক বিৰাট কোহলী, অপেনাৰ ৰোহিত শৰ্মা আৰু ক্ৰুণাল পাণ্ডিয়াই ক্ৰমে ২৮,২৩ আৰু ২০ ৰানৰ বৰঙণী যোগায়।



ভাৰতে বান্ধি দিয়া ১৬৮ ৰানৰ লক্ষ্য আগত ৰাখি বেটিং কৰা ৱেষ্ট ইণ্ডিজে  ১৫.৩ অভাৰলৈকে চাৰিটা উইকেট হেৰুৱাই ৯৮ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ ৰ’ভমান পাৱেলে সৰ্বাধিক ৫৪ ৰানৰ বৰঙণী যোগায়। বতৰে বিধি পথালি দিয়া মেচ খনত ভাৰতে ডি এল পদ্ধতিৰে ৱেষ্ট ইণ্ডিজক ২২ ৰানত পৰাস্ত কৰি তিনি খনীয়া টি–২০ শৃংখলাত ২–০ ৰ অগ্ৰগতি লাভ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি